29.8 C
Assam
Monday, March 27, 2023

Featured News

গোৰোহা ফটাৰ সমস্যা? জানি থওক উপশমৰ উপায়….

শীতকালত বহুতৰে ভৰিৰ গোৰোহা ফাটে৷ এই সমস্যা...

হাত-ভৰি জিনজিননি হোৱাটো হ’ব পাৰে গুৰুতৰ ৰোগৰ লক্ষণ

বহুতৰে প্ৰায়ে হাত আৰু ভৰিত জিনজিননি হৈ...

হিকতিৰ পৰা পৰিত্ৰাণ পোৱাৰ সহজ ঘৰুৱা উপায়

সাধাৰণতে পানী কমকৈ খোৱা বা মচলাযুক্ত খাদ্য...

‘বিজেপিৰ দিনত ৰাজ্যত চলিছে মুক্তহত্যা’: অখিল গগৈ

Assamese News'বিজেপিৰ দিনত ৰাজ্যত চলিছে মুক্তহত্যা': অখিল গগৈ

বিধানসভাৰ অধ্যক্ষৰ নিৰপেক্ষতাক লৈ সন্দেহৰ সৃষ্টি হৈছে। মই বক্তব্য দিলে বহাই দিয়ে, কিন্তু চৰকাৰী পক্ষৰ বিধায়কে আমাক মুকলিকৈ ভাবুকি দিয়ে। বিৰোধী পক্ষকহে হস্তক্ষেপ কৰি থাকে অধ্যক্ষই।’- বিধানসভাৰ অধ্যক্ষৰ বিৰুদ্ধে এই বিস্ফোৰক অভিযোগ ৰাইজৰ দলৰ নেতা অখিল গগৈৰ। আনহাতে ৰাজ্যসভাৰ নিৰ্বাচনত বিধায়ক ক্ৰচ ভোটিং কৰিলেও বিধায়ক পদ খাৰিজ নহয় বুলি অধ্যক্ষই কৰা মন্তব্যৰো প্ৰতিক্ৰিয়া ব্যক্ত কৰে অখিল গগৈয়ে।

ইফালে অপৰাধীৰ বিৰুদ্ধে চলি থকা এনকাউন্টাৰ প্ৰসংগতো মন্তব্য আগবঢ়াই অখিল গগৈয়ে। অখিল গগৈয়ে কয় যে,’গুপ্তহত্যাৰ দৰে বিজেপিৰ দিনত এতিয়া মুক্ত হত্যা হৈছে ভুৱা এনকাউন্টাৰৰ নামত মুক্ত হত্যা হৈছে। অসমত মন্ত্ৰী পীয়ুষ হাজৰিকাই প্ৰকাৰন্তে এনকাউন্টাৰক স্বীকাৰ কৰিছে। এজন আৰক্ষী বিষয়াই এনকাউন্টাৰ কৰিয়ে নিউটনৰ সূত্ৰৰ কথা কৈ পোষ্ট দিয়ে। ৩৫ৰ সলনি ২৯টা এনকাউন্টাৰ বুলি ভুৱা তথ্য দিছে সদনত। প্ৰতিটো এনকাউন্টাৰৰ ন্যায়িক তদন্ত কৰিব লাগে। কিন্তু কৰা নাই মাফিয়াৰ দৰে হিমন্ত বিশ্ব শৰ্মাই মুক্ত হত্যা কৰিছে।’

ইফালে নিলীম মহন্তৰ গ্ৰেপ্তাৰক গৰিহণা দিয়ে অখিল গগৈয়ে। বৃহৎ নদী বান্ধৰ ছবি অঁকাৰ বাবে গ্ৰেপ্তাৰ অগণতান্ত্ৰিক।অৰুণাচল আৰক্ষীক শীঘ্ৰে মুকলি কৰি দিবলৈও দাবী জনালে শিৱসাগৰ সমষ্টিৰ বিধায়কগৰাকীয়ে। এই সন্দৰ্ভত গগৈয়ে কয় যে,’আমি প্ৰতিটো বৃহৎ নদী বান্ধৰ বিৰোধিতা কৰো।নিপক’ এটা পুতলা প্ৰ’জেক্ট। কিন্তু নামনী সোৱণশিৰি বান্ধেৰ জৰিয়তে অৰুণাচলে নদী বান্ধ বান্ধি অসমক বিপদত পেলাব বিচাৰিছে। অৰুণাচলে কৰা বান্ধক গ্লেমাৰাইজ কৰিছে মুখ্যমন্ত্ৰীয়ে।’

Source: News 18 Assam

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!