অখিল গগৈৰ মাতৃৰ যদি কিবা হয়,ইয়াৰ ভয়াৱহ পৰিস্থিতি ভুগিব লাগিব বিজেপি দল আৰু চৰকাৰে

অখিল গগৈৰ মাতৃৰ যদি কিবা হয়,ইয়াৰ ভয়াৱহ পৰিস্থিতি ভুগিব লাগিব বিজেপি দল আৰু চৰকাৰে

গুৰুতৰভাৱে অসুস্থ হৈ যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ আই চি ইউত চিকিৎসাধীন হৈ থকা কাৰাবন্দী অখিল গগৈৰ মাতৃৰ স্বাস্থ্য বুজ লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে।

সাংবাদিকৰ আগত কুৰ্মীয়ে কয়,”অখিল গগৈৰ মাতৃৰ স্বাস্থ্যক লৈ আমি চিন্তিত হৈ পৰিছো।অখিল গগৈৰ মাতৃ অকল অখিল গগৈৰ মাতৃৰ নহয়।অসমৰ মাতৃ।অখিল গগৈক অন্যায়ভাৱে দীৰ্ঘদিনে বন্দী কৰি ৰাখিছে বিজেপি চৰকাৰে।

যাৰ বাবে মাতৃ অসুস্থ হৈ পৰিছে।খাবলৈ মন নকৰা হৈছে।স্বাস্থ্যৰ অৱনতি হৈছে। আজি তেওঁ এষাৰো কথা ক’ব পৰা অৱস্থাত নাই।মাত্ৰ চকুপানী টুুকি আছে।যদি অখিল গগৈৰ মাতৃৰ কিবা হয় তেন্তে ইয়াৰ ভয়াৱহ পৰিস্থিতি ভুগিব লাগিব বিজেপি দল আৰু চৰকাৰে।”

source – janambhumi

GTM Desk

Related