17.9 C
Assam
Thursday, March 23, 2023

Featured News

কুকুৰ খোৱা প্ৰসংগ: মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্বৰ পত্ৰ

মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীলৈ ড০ হিমন্ত বিশ্ব শৰ্মাৰ পত্ৰ।...

কেফেৰ বাহিৰত এনেদৰে হনুমান চালিচা পাঠ কৰিলে যুৱক-যুৱতীয়ে……

আধ্যাত্মিক পৰিৱেশ নৱপ্ৰজন্মৰ মাজত। কেফেৰ বাহিৰত এনেদৰে...

আকৌ কাৰাগাৰলৈ যাব নেকি অখিল গগৈ?

Assamese Newsআকৌ কাৰাগাৰলৈ যাব নেকি অখিল গগৈ?

আকৌ কাৰাগাৰলৈ যাব লাগিব নেকি ৰাইজৰ দলৰ নেতা অখিল গগৈ ৷ শিৱসাগৰৰ বিধায়কগৰাকীয়ে ২০২১ৰ নিৰ্বাচনত অৱতীৰ্ণ হৈছিল কাৰাগাৰৰ পৰাই ৷ শেহতীয়াকৈ NIAৰ এক গোচৰত পুনৰ কাৰাগাৰলৈ যাব লাগিব পাৰে বিধায়ক গগৈ (MLA Akhil Gogoi) ৷

ৰাইজৰ দল (Raijor Dal)ৰ নেতাগৰাকীয়ে শুকুৰবাৰে সামাজিক মাধ্যমত কৰিছে এইটো পোষ্ট—
“জে’ললৈ যোৱাৰ পূৰ্বে মই কাজিৰঙা অৰ্কিড উদ্যানৰ পৰম্পৰাগত সাজ-পোছাকৰ আৰু অলংকাৰৰ সংগ্ৰহালয়টো সম্পূৰ্ণ কৰি যাব খোজোঁ। যিহেতু মোক চৰকাৰে পুনৰ কাৰাগাৰলৈ পঠিওৱাৰ ষড়যন্ত্ৰ কৰিছে আৰু ইউএপিএ-ৰ ধাৰা থকা বাবে কিমান দিন জে’লত থাকোঁ তাৰ কোনো নিশ্চয়তা নাই , সেয়ে তাৰ পূৰ্বে অৰ্থাৎ ২৩ ফেব্ৰুৱাৰীৰ আগতে কাজিৰঙা অৰ্কিড পাৰ্কৰ সংগ্ৰহালয় দুটা সম্পূৰ্ণ কৰি উদ্বোধন কৰি যোৱাৰ সপোন আছে। কিন্তু এতিয়াও সকলো কাপোৰ আৰু পৰম্পৰাগত অলংকাৰ যোগাৰ হোৱা নাই। সেয়েহে অসমীয়া পৰম্পৰাগত সাজ-পোছাকৰ উপৰি অলংকাৰসমূহ যিয়ে যেনেকৈ পাৰে উপহাৰ দিবলৈ মই বিনম্ৰতাৰে প্ৰাৰ্থনা জনাইছোঁ।

আমাক মূলতঃ পুৰুষ -মহিলা সকলোৰে দেউৰী, শ্যাম, তুৰুং, আইতনীয়া, ফাকে, গোৰ্খা, ঠেঙাল কছাৰী, মটক, তাই আহোম, চাহ জনগোষ্ঠী আদিবাসী, তিৱা, ৰাভা , গাৰো, ডিমাচা , কুকি আদিৰ সাজ-পাৰ আৰু অলংকাৰ লাগে। অসমীয়া সাজ-পোছাক আৰু অলংকাৰসমূহো লাগে।

অসমীয়া পুৰণি অলংকাৰ যদি কোনোৱে দিয়ে নথৈ কৃতাৰ্থ হ’ম। তলত আমাক দৰকাৰ হোৱা অসমীয়া পৰম্পৰাগত সাজ-পাৰসমূহৰ নাম উল্লেখ কৰিলোঁ-
১) বৰ কাপোৰ ২) খনীয়া কাপোৰ ৩) ৰিহা ৪) মেথনি ৫) এৰীয়া চাদৰ ৬) চেলেং ৭) গাৰী দিয়া চাদৰ ৮) (নামনি অসমত ব্যৱহাৰ হোৱা , যদি ভিন্ন আছে)চাদৰ ৯) (নামনি অসমত ব্যৱহাৰ হোৱা, যদি ভিন্ন আছে) মেখেলা ১০) বগলী সূতাৰ চাদৰ মেখেলা ১১) পকোৱা সূতাৰ মেখেলা চাদৰ ১২) হাজাৰ পকোৱাৰ মেখেলা চাদৰ ১৩) ৮০ সূতাৰ মেখেলা-চাদৰ ১৪) ৬০ সূতাৰ মেখেলা চাদৰ ১৫) ৪০ সূতাৰ মেখেলা-চাদৰ ১৬) ৩০ সূতাৰ মেখেলা-চাদৰ ১৭) ২০ ৰ সূতাৰ মেখেলা-চাদৰ ১৮) কপাহী দলিচা ১৯) বোৱা আঁঠুৱা ২০) ফটাকানি কাপোৰ ২১)সিংখাপৰ কাপোৰ ২২) মেজাংকৰি পাট ২৩) পাটৰ মেখেলা-চাদৰ ২৪) পাটৰ ব্লাউজ ২৫) মুগাৰ সাজ ২৬) পাটৰ পাগুৰি/ ভুনি ২৭) চুৰিয়া ২৮) ক’লা চোলা ২৯) এঙা চোলা ৩০) ছয়কঠীয়া কাপোৰ ৩১) পাগুৰি/ ফচৌ ৩২) ৰুমাল ৩৩) সাঁচতি ৩৪) থুনুপাক (মোনা ) ৩৫) মোনা ৩৬) গোসাঁই কাপোৰ ৩৭ ) চন্দ্ৰতাপ ৩৮) মৰিশালিৰ কাপোৰ ৩৯) আঁৰিয়া ধৰা ৪০) গামোচা ৪১) টঙালি ৪২) ৰঙালি আদি। ইয়াতকৈ বেলেগ সাজ-পোছাক আছে যদি সকলোৱে মনত পেলাই দিব। সকলোকে আমাৰ এই অভিযানত সহযোগিতাৰ হাত আগবঢ়াবলৈ বিনম্ৰ প্ৰাৰ্থনা জনালোঁ।”

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!