31.4 C
Assam
Thursday, June 30, 2022

Featured News

India successfully tests high-speed expendable aerial target Abhyas

India on Wednesday successfully tested the indigenously-designed...

College student raped in Tripura

A 21-year college student was allegedly kidnapped...

পাঁচ শতাধিক শিশু আৰু পিতৃ-মাতৃৰ উদুলি-মুদুলি মিলনপুৰ,অকণি মেলৰ ‘অকণিৰ বাৰ্তা’ উন্মোচন

Assamese Newsপাঁচ শতাধিক শিশু আৰু পিতৃ-মাতৃৰ উদুলি-মুদুলি মিলনপুৰ,অকণি মেলৰ 'অকণিৰ বাৰ্তা' উন্মোচন

“আমাৰো বহুত সপোন আছে” শীৰ্ষক বাণীৰে আজি অকণিৰ মেলৰ উদ্যোগত আয়োজন কৰা শিশু সমাৰোহত পাঁচ শতাধিক শিশুৰ লগতে অভিভাৱকৰে উদুলি-মুদুলি হৈ পৰিল নগাঁৱৰ মিলনপুৰ । নগাঁও চহৰৰ সমীপৰ মিলনপুৰৰ খাগৰিজান নৈশ উচ্চ মাধ্যমিক বিদ্যালয়ত”অকণিৰ মেল”ৰ উদ্যোগত আয়োজিত এই অনুষ্ঠানতে “অকণিৰ বাৰ্তা”ৰ তৃতীয় সংখ্যাটো উন্মোচন কৰে নগাঁও ছোৱালী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপিকা অমিয়া পাটৰ,বেবেজীয়া পণ্ডিত কনক শৰ্মা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ, কথা বঁটাপ্ৰাপ্ত সাহিত্যিক- অনুবাদক তথা বিশিষ্ট সংগীতজ্ঞ কৃষ্ণ দুলাল বৰুৱা আৰু নগাঁও NIC ৰ অৰুণজ্যোতি দাসে ৷ অকণিৰ মেলৰ আহ্বায়ক ক্ৰমে প্ৰদীপ কাহাৰ,হেমন্ত কুমাৰ শইকীয়া,বিভূতি শৰ্মা,ৰিতেন বৰা, ভুপেন বৰা,অচিন্ত শৰ্মা,বিপিন বৰগোহাঁই,বিকাশ পাঠক,জ্যোতি প্ৰসাদ শৰ্মা,কুমুদ ৰঞ্জন বৰকাকতি আদিৰ দ্বাৰা পৰিচালিত অনুষ্ঠানটি আঁত ধৰে অকণিৰ মেলৰ সদস্যা ৰুদ্ৰানী শৰ্মাই ৷ চিত্ৰাংকন প্ৰতিযোগিতাৰে আৰম্ভণি কৰা অনুষ্ঠানটোত স্থানীয় ব্যক্তি অপূৰ্ব কুমাৰ শৰ্মা,ভাগ্যলক্ষ্মী মহন্ত,নৱ বৰদলৈ আদি উপস্থিত থাকে ৷ বিভূতি শৰ্মাৰ পৰিচালনাত অনুষ্ঠিত “মুকলি কুইজ” প্ৰতিযোগিতাত প্ৰায় ষাঠিজন ছাত্ৰ-ছাত্ৰীয়ে যোগদান কৰাৰ লগতে “অংকৰ দৌৰ”,”বানান লিখা” প্ৰতিযোগিতাৰ লগতে “আকস্মিক বক্তৃতা”প্ৰতিযোগিতাত বিচাৰক হিচাপে উপস্থিত থাকে শংকৰদেৱ বিশ্ববিদ্যালয়ৰ শ্যামলী দলৈ আৰু পাৰ্থপ্ৰতীম ফুকন ৷ চিত্ৰাংকনত পৰ্যবেক্ষক হিচাপে অশ্বিনী শৰ্মা উপস্থিত থাকে ৷ স্বৰ্গীয় অনুপম হাজৰিকা সোঁৱৰণত প্ৰদান কৰা বঁটা বিতৰণীৰে সামৰণি পৰা অনুষ্ঠানটিত আৰাধনা হাজৰিকা আৰু শিশুবন্ধু দুলাল বৰাই বিজয়ী অকণিসকলক মানপত্ৰৰ লগতে কিতাপ বঁটা প্ৰদান কৰে।

ঋতু পৰ্ণ শৰ্মা,নগাঁও

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!
%d bloggers like this: