নগাঁৱৰ শেনচোৱাত কৃষি মেলা আৰু প্ৰদৰ্শনী সম্পন্ন,স্মৰণিকা “সৃজন” উন্মোচন

1 min read

গ্ৰাম্য কৃষি-কৰ্ম অভিজ্ঞতা আচঁনি ২০২২ নগাঁও গোটৰ দ্বাৰা আৰু নগাঁও কৃষি বিজ্ঞান কেন্দ্ৰৰ তত্ত্বাৱধানত আজি নগাঁও জিলাৰ শেনচোৱাৰ অমৰ বৰকাকতি উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাঙ্গনত এখনি কৃষি মেলাৰ অনুষ্ঠিত হৈ যায় । উক্ত কৃষিমেলাত উদ্ভিদ ৰোগ বিজ্ঞান বিভাগ,শস্য বিজ্ঞান বিভাগ,ভূমি বিজ্ঞান বিভাগ,সম্প্ৰসাৰণ শিক্ষা বিভাগ,পতংগ তত্ত্ব বিভাগ আদিকে ধৰি ১২ টা বিভাগৰ বিভিন্ন মডেল,প্ৰচাৰ পত্ৰিকা, বেনাৰ আদি প্ৰদৰ্শন কৰা হয় । কৃষি মেলাখনিৰ মুখ্য আকৰ্ষণ আছিল “কম কৃষি ভূমিৰ আদৰ্শ বাৰী পদ্ধতি”ৰ এটা আৰ্হি । কৃষি প্ৰদৰ্শনীৰ লগত সংগতি ৰাখি আয়োজন কৰা সভাত যোৰহাট কৃষি বিশ্ববিদ্যালয়ৰ বিজ্ঞান গুৰু ড° জয়ন্ত ডেকা,গ্ৰাম্য কৃষি-কৰ্ম অভিজ্ঞতা আঁচনিৰ কেন্দ্ৰীয় সমিতিৰ আহ্বায়ক ড°কৌশিক দাস,নগাঁও কৃষি বিজ্ঞান কেন্দ্ৰৰ মুৰব্বী ড° নিৰঞ্জন ডেকাৰ লগতে নগাঁও কৃষি বিজ্ঞান কেন্দ্ৰৰ আন আন বিষয়ববীয়াসকল,আঞ্চলিক কৃষি বিজ্ঞান কেন্দ্ৰ চিলঙনীৰ মুখ্য বিজ্ঞানী ড° পংকজ দেৱ চৌধুৰী, নগাঁও জিলা কৃষি বিষয়া তৰুণ হাজৰিকা,নগাঁও ৰাৱেপ গোটৰ নিৰীক্ষক মেঘালী বৰুৱা আৰু কুলদ্বীপ মেধি,কৃষি-কৰ্ম অভিজ্ঞতা আচঁনিৰ নগাঁও গোটৰ তত্ত্বাবধায়ক দিপেন চন্দ্ৰ নাথকে ধৰি বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে । সভাৰ উদ্দেশ্য বাখ্যা কৰে নগাঁও গোটৰ দলপতি উপাসনা বৰদলৈয়ে । উক্ত সভাত নগাঁৱৰ তিনিজন উদ্যমী কৃষি ব্যৱসায়ী নয়নজ্যোতি বৰকাকতি, সঞ্জীৱ গোস্বামী আৰু প্ৰভাত শইকীয়াক সম্বৰ্ধনা জনোৱা হয় । বিজ্ঞান গুৰু,জিলা কৃষি বিষয়া, আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰৰ মুখ্য বিজ্ঞানী,নগাঁও কৃষি বিজ্ঞান কেন্দ্ৰৰ মুৰব্বী আদি বিশিষ্ট অতিথিসকলে উপস্থিত ৰাইজক উদ্দেশ্যি বিভিন্ন পৰামৰ্শ আগবঢ়ায় । এই সভাতেই বৰ্ণালী ফুকন আৰু সব্যসাচী দাসৰ দ্বাৰা সম্পাদিত নগাঁও গোটৰ স্মৰণিকা ”সৃজন” উন্মোচন কৰে বিজ্ঞান গুৰু ড° জয়ন্ত ডেকাই । বৰ্ণালী ফুকন আৰু সব্যসাচী দাসে আঁত ধৰা সভাখনিৰ অন্তত শলাগৰ শৰাই আগবঢ়ায় দিপেন চন্দ্ৰ নাথে । উল্লেখ যে কৃষকৰ বাবে আয়োজন কৰা এই মেলা আৰু প্ৰদৰ্শনীত কৃষকৰ উপস্থিতি সেৰেঙা আছিল। কৃষি প্ৰদৰ্শনীখন দৰ্শন কৰি বিজ্ঞান গুৰু,গ্ৰাম্য কৃষি-কৰ্ম অভিজ্ঞতা আঁচনিৰ আহ্বায়ক আদিকে ধৰি সকলো নিমন্ত্ৰিত অতিথিয়ে ভূয়সী প্ৰশংসা কৰে। যোৱা ফেব্ৰুৱাৰী মাহৰ পৰা শেনচোৱা অঞ্চলত বাস কৰা অসম কৃষি বিশ্ববিদ্যালয়ৰ অষ্টম ষান্মাষিকৰ ৩৫ জনীয়া এটা ছাত্ৰ-ছাত্ৰীৰ গোটে শেনচোৱা অঞ্চলত মাৰ্চ মাহতে এটি কৃষি তথ্য কেন্দ্ৰ উন্মোচন কৰাৰ লগতে কুইজ,বক্তৃতা,চিত্ৰাংকন প্ৰতিযোগিতা,বাটৰ নাট আদি অনুষ্ঠিত কৰি ৰাইজৰ উপকাৰ সাধন কৰে ।

ঋতু পৰ্ণ শৰ্মা,নগাঁও

You May Also Like

More From Author