অমৰজ্যোতি দে’ৰ নাৰেঙ্গীস্থিত বাসগৃহত আৰক্ষী আৰু ফৰেনছিক দলে চলালে অনুসন্ধান

অমৰজ্যোতি দে’ৰ নাৰেঙ্গীস্থিত বাসগৃহত আৰক্ষী আৰু ফৰেনছিক দলে চলালে অনুসন্ধান

আৰক্ষীয়ে অব্যাহত ৰাখিছে গুৱাহাটীৰ ডাবল মাৰ্ডাৰৰ তদন্ত প্ৰক্ৰিয়া। এমাহৰ ভিতৰতে পৰিকল্পিতভাৱে দুটকৈ হত্যাকাণ্ড সংঘটিত কৰি মৃতদেহ টুকুৰা টুকুৰ কৰি বহিঃৰাজ্যত পেলোৱা ঘটনাক লৈ তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰখা আৰক্ষীয়ে আজি ঘাতক বন্দনা কলিতাৰ স্বামী অমৰজ্যোতি দে’ৰ নাৰেঙ্গীস্থিত বাসগৃহ অমৰাৱতীত উপস্থিত হয়। অসম আৰক্ষী আৰু ফৰেনছিক দলে ঘৰত তথ্যৰ অনুসন্ধান কৰে।

আৰক্ষীৰ সৈতে ফৰেনছিকৰ এটা বৃহৎ দলে বাসগৃহটোত উপস্থিত হৈ কেইবাঘণ্টা ধৰি অভিযানৰ অন্তত বাসগৃহটোৰ পৰা নমুনা সংগ্ৰহ কৰে। তদন্তৰ সময়ত আৰক্ষীয়ে লাভ কৰে কিছু বিস্ফোৰক তথ্য। ইয়াৰ ভিতৰত বিগত পাঁচ দিন ধৰি ভাৰাতীয়া ৰূপে থকা এগৰাকী ছাত্র ৰহস্যজনকভাবে সন্ধানহীন হৈ থকাৰ বিষয়ে অৱগত হয়। ছাত্রজনৰ পৰিচয় আৰক্ষীয়ে এতিয়ালৈ উদ্ধাৰ কৰিব পৰা নাই। ছাত্রজন সন্দৰ্ভত সেয়ে আৰক্ষীয়ে সম্প্ৰতি আৰম্ভ কৰিছে তদন্ত।

GTM Desk