19.8 C
Assam
Saturday, April 1, 2023

Featured News

Navjot Singh Sidhu released from Patiala Jail, was sentenced in road rage case

Cricketer-turned-politician Navjot Singh Sidhu was released from...

হাত দাঙিলে কমলপুৰ ৰাজহ চক্ৰৰ লাট মণ্ডল গীতাঞ্জলি দাসে

হাত দাঙিলে কমলপুৰ ৰাজহ চক্ৰৰ লাট মণ্ডল...

এইবাৰ পলাশবাৰীৰ চৰত প্ৰশাসনৰ উচ্ছেদ!

এইবাৰ পলাশবাৰীৰ চৰত প্ৰশাসনৰ উচ্ছেদ। নাৱত উঠি...

চিন্তামণিগড়ত আদৰ্শ অংগনবাড়ী কেন্দ্ৰ মুকলি কৰিলে বিধায়িকাই

Assamese Newsচিন্তামণিগড়ত আদৰ্শ অংগনবাড়ী কেন্দ্ৰ মুকলি কৰিলে বিধায়িকাই

অসম চৰকাৰৰ ” সোণালী শৈশৱ বিকশিত অসম” আঁচনিৰ জড়িয়তে নিৰ্মাণ কৰা ” চিন্তামণি গড় আদৰ্শ আঙ্গনবাড়ী কেন্দ্ৰ”ৰ আজি শুভ উদ্বোধন কৰে টীয়ক সমষ্টিৰ বিধায়িকা ৰেণুপমা ৰাজখোৱাই।উক্ত উদ্ধোধনী অনুষ্ঠানত টীয়ক বিধান পৰিষদৰ সভাপতি বিকাশ শইকীয়া, কলীয়াপানী উন্নয়ন খণ্ডৰ সহকাৰী অভিযন্তা আব্দুল মৱিন , অগপ কেন্দ্ৰীয় পৰিষদৰ সদস্য পৰেশ বৰা, অগপ যোৰহাট জিলা সম্পাদক দ্বীপেন বৰগোঁহাই,টীয়ক প্ৰছ ক্লাৱৰ উপদেষ্টা ৰিজু কুমাৰ শইকীয়াকে প্ৰমুখ্য কৰি ভালেসংখ্যক গণ্য মান্য ব্যক্তি উপস্থিত থাকি সহযোগিতা আগবঢ়াই লগতে শিশুসকলক কায়িক তথা মানসিক বিকাশৰ অৰ্থে অসম চৰকাৰে লোৱা এই অভিলাষী আঁচনিয়ে গ্ৰাম্যঞ্চলৰ শিশুসকলৰ বাবে বিশেষভাৱে সহায়ক হ’ব বুলি সকলোৱে মত প্ৰকাশ কৰে।

উল্লেখযোগ্য যে টীয়ক সমষ্টিত ইতিমধ্য প্ৰথম পৰ্যায়ত ১১ টাকৈ আদৰ্শ অংগনবাড়ী কেন্দ্ৰ নিৰ্মাণ হৈ আছে তাৰে এই পৰ্যন্ত ছয়টা কেন্দ্ৰ আনুষ্ঠানিক ভাৱে মুকলি কৰা হৈছে আৰু অনাগত এটা সপ্তাহৰ ভিতৰত বাকী পাঁচটা কেন্দ্ৰও মুকলি কৰাব পৰা হ’ব বুলি জানিব পৰা গৈছে।
Byte:বিকাশ শইকীয়া,সভাপতি টীয়ক বিধান পৰিষদ

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!