৪০০ জনজাতীয় গাঁৱক লৈ ৰাজ্যত স্থাপন হ’ব বন–ধন কেন্দ্র

0 min read

ৰাজ্যৰ জনজাতীয় লোকসকলৰ সামগ্রিক উন্নয়নৰ বাবে কেন্দ্রীয় চৰকাৰৰ সহযোগত ৰাজ্য চৰকাৰে কেইবাখনো নতুন আঁচনি ৰূপায়ণ কৰিব৷ বিশেষকৈ জনজাতীয় লোকসকলে উৎপাদন কৰা বিভিন্ন সামগ্রীক এখন বজাৰ দিয়াৰ বাবে কেতবোৰ নতুন পদক্ষেপ গ্রহণ কৰিব চৰকাৰে৷ সেই অনুসৰি ৪০০খন জনজাতীয় গাঁৱক লৈ ৩০০ মহিলাক সামৰি ৰাজ্যত স্থাপন কৰা হ’ব বন ধন বিকাশ কেন্দ্র৷ অহা বর্ষৰ মার্চ মাহৰ ভিতৰত এই কেন্দ্রসমূহ স্থাপন কৰাৰ বাবে ৰাজ্য চৰকাৰে পৰিকল্পনা কৰিছে৷

এই কথা ঘোষণা কৰিছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ কেন্দ্রীয় জনজাতি পৰিক্রমা মন্ত্রী অর্জুন মুণ্ডাৰ সৈতে কইনাধৰাস্থিত ৰাজ্যিক অতিথিশালাত জনজাতিসকলৰ কল্যাণৰ বাবে ৰূপায়ণ কৰা বিভিন্ন আঁচনিৰ এখন পর্যালোচনা বৈঠকৰ অন্তত মুখ্যমন্ত্রী ড০ শর্মাই সংবাদ মাধ্যমৰ আগত কয় যে এই বন ধন কেন্দ্রসমূহত মুঠ ৩৫বিধ সামগ্রী উপলব্ধ হ’ব৷ মৌ, ভোটজলকীয়া, হালধিকে ধৰি জনজাতীয় লোকসকলে উৎপাদন কৰা সামগ্রীসমূহ এই বন ধন কেন্দ্রৰ জৰিয়তে বজাৰলৈ উলিয়াই দিয়া হ’ব বুলি উল্লেখ কৰি তেওঁ কয়– জনজাতীয় সমাজে উৎপাদন কৰা সামগ্রীসমূহ নূ্যনতম মূল্যৰে ক্রয় কৰা হ’ব৷ তাৰ পাছত এই সামগ্রীসমূহ পেকেজিং আৰু বিপণন কৰা হ’ব৷ ৰাজ্যত ৫খন ফুড পার্ক স্থাপন কৰা হ’ব৷

এই ফুড পার্ক স্থাপনৰ ক্ষেত্রত ট্রাইবেল কো–’পাৰেটিভ ডেভেলপমেণ্ট ফেডাৰেচন অৱ ইণ্ডিয়া লিমিটেড (ট্রাইফেড)–এ আমাক আর্থিকভাৱে সহায় কৰিব৷ এইক্ষেত্রত ৰাজ্য চৰকাৰৰ আন বিভাগসমূহেও আমাক সমর্থন দিব৷ এই আঁচনি বর্তমান চালুকীয়া অৱস্থাত আছে৷ এইবছৰত আমি এতিয়ালৈ ৩৫ লাখ টকাৰ সামগ্রী বিক্রী কৰিছোঁ৷ অহা মার্চলৈকে দুই কোটিৰ সমগ্রী বিক্রীৰ বাবে লক্ষ্য বান্ধি লোৱা হৈছে৷ অহা বর্ষৰ পৰা এই মূল্য দুগুণলৈ বৃদ্ধি কৰিবলৈ আমি পৰিকল্পনা কৰিছোঁ৷ এই বন ধন আঁচনি সফল হ’লে আমি বহুদূৰ আগুৱাই যাব পাৰিম৷

ইফালে, ৰাজ্যত আন ৭খন একলব্য বিদ্যালয় স্থাপন কৰা হ’ব বুলি সদৰী কৰি তেওঁ কয় যে নৱোদয়ৰ আর্হিত আন ৭খন একলব্য স্কুল স্থাপন কৰিবলৈ ভাৰত চৰকাৰে অনুমোদন দিছে৷ ৰাজ্যত বর্তমান ৫খন একলব্য বিদ্যালয়ৰ নির্মাণকার্য চলি আছে৷ এই বিদ্যালয়সমূহত জনজাতীয় শিক্ষার্থীসকলৰ বাবে থকা–খোৱা আদি সকলো বিনামূলীয়া৷

উল্লেখ্য যে বন ধন বিকাশ কেন্দ্রসমূহৰ জৰিয়তে ট্রাইফেডে দক্ষতা বিকাশৰ বাবে প্রশিক্ষণ, প্রাথমিক খাদ্য সংসাধন আৰু মূল্য সংযোজনৰ সুবিধা প্রদানৰ লগতে কাৰিকৰী সহায় আগবঢ়াই আহিছে৷ কেন্দ্রীয় জনজাতি পৰিক্রমা মন্ত্রালয়, খাদ্য সংসাধন উদ্যোগ মন্ত্রালয় আৰু ট্রাইফেডৰ যৌথ সহযোগিতাৰে বন ধন যোজনাৰ অধীনত ট্রাইবেল ফুড পার্কসমূহ স্থাপনৰ ব্যৱস্থা কৰা হৈছে৷ ইয়াৰ জৰিয়তে জনজাতীয় লোকসকলৰ দ্বাৰা উৎপাদিত সামগ্রীৰ মূল্য সংযোজন কৰি উপযুক্ত বিপণনৰ পৰিকল্পনা লোৱা হৈছে৷

ইফালে, পর্যালোচনা বৈঠকৰ অন্তত কেন্দ্রীয় জনজাতি পৰিক্রমা মন্ত্রী অর্জুন মুণ্ডাই কয় যে জনজাতীয় গাঁওসমূহৰ পৰম্পৰাগত ব্যৱস্থা অক্ষুণ্ণ ৰাখি তেওঁলোকে উৎপাদন কৰা সামগ্রীসমূহৰ মূল্য সংযোজন কৰি ৰাষ্ট্রীয় আৰু আন্তঃৰাষ্ট্রীয় পর্যায়ৰ বজাৰত বিক্রী কৰা হ’ব৷ উত্তৰ–পূর্বাঞ্চলৰ উন্নয়নৰ বাবে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে সর্বাধিক গুৰুত্ব আৰোপ কৰি আহিছে বুলি উল্লেখ কৰি তেওঁ কয়– কেন্দ্রীয় চৰকাৰে গ্রহণ কৰা আঁচনিসমূহৰ সফল ৰূপায়ণৰ ক্ষেত্রত ৰাজ্য চৰকাৰে প্রয়োজনীয় সকলোধৰণৰ সহযোগিতা আগবঢ়াই আহিছে৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে অসম তথা উত্তৰ– পূর্বাঞ্চলৰ বিকাশৰ ক্ষেত্রত যথেষ্ট গুৰুত্ব আৰোপ কৰিছে৷ অঞ্চলটোৰ প্রতি থকা প্রধানমন্ত্রীৰ এই সদিচ্ছাৰ আধাৰতে জনজাতীয় যুৱক–যুৱতীসকলৰ্ নিয়োগৰ সুবিধা সৃষ্টিৰ আঁচনি গ্রহণ কৰা হৈছে৷

আগন্তুক ৫ বছৰত কেন্দ্রীয় চৰকাৰে অসমত আদর্শ গাঁও স্থাপনৰ পৰিকল্পনা কৰিছে৷ জনজাতীয় লোকসকলৰ উপার্জন বৃদ্ধিৰ বাবে তেওঁলোকৰ সমগ্রীসমূহ ৰাজ্যত ইতিমধ্যে ট্রাইচাম নামৰ ব্রেণ্ডেৰে বিক্রী কৰা হৈছে৷ সেইদৰে জনজাতীয় অঞ্চলসমূহৰ লোকসকলে যাতে গুণগত শিক্ষা লাভ কৰে তাৰ বাবেও গুৰুত্ব প্রদান কৰি অহা হৈছে৷ আজিৰ বৈঠকতে ৰাজ্যৰ ট্রাইচাম ব্রেণ্ডলৈ আগবঢ়ায় বন ধন ৰাষ্ট্রীয় বঁটা৷ কেন্দ্রীয় মন্ত্রীগৰাকীয়ে মুখ্যমন্ত্রী ড০ শর্মাক এই বঁটা প্রদান কৰে৷ আজিৰ বৈঠকখনত ৰাজ্যৰ শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগু, পঞ্চায়ত আৰু গ্রামোন্নয়ন মন্ত্রী ৰঞ্জিত কুমাৰ দাস, পৰিৱেশ আৰু বনমন্ত্রী পৰিমল শুক্লবৈদ্য, কৃষিমন্ত্রী অতুল বৰা, ভৈয়াম জাজাতি আৰু অন্যান্য পিছপৰা শ্রেণী কল্যাণ বিভাগৰ মন্ত্রী ইউ জি ব্রহ্মৰ উপৰি কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰৰ উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে৷
উত্তৰ–পূর্বাঞ্চলৰ জনজাতীয় সন্মিলনৰ সামৰণি
সোণাপুৰৰ টেপেছিয়াস্থিত ৰাণী লক্ষ্মীবাঈ ৰাষ্ট্রীয় শাৰীৰিক শিক্ষা প্রতিষ্ঠানত তিনিদিনীয়াকৈ অনুষ্ঠিত উত্তৰ–পূর্বাঞ্চলৰ জনজাতি ধর্ম সংস্কৃতিৰ সুৰক্ষা মঞ্চৰ ভইচ অৱ নর্থ–ইষ্ট শীর্ষক আলোচনা–চক্রখনৰ দেওবাৰে সামৰণি পৰে৷ অনুষ্ঠানত উত্তৰ–পূর্বাঞ্চলৰ ৮৯টা জনজাতীয় সংগঠনৰ ৪১০জন প্রতিনিধিয়ে অংশগ্রহণ কৰে৷

জনজাতি ধর্ম–সংস্কৃতি সুৰক্ষা মঞ্চৰ উদ্যোগত অনুষ্ঠিত সন্মিলনখনৰ সামৰণি অনুষ্ঠানত কেন্দ্রীয় জনজাতি পৰিক্রমা মন্ত্রী অর্জুন মুণ্ডাৰ লগতে অখিল ভাৰতীয় বনবাসী কল্যাণ আশ্রমৰ ৰাষ্ট্রীয় অধ্যক্ষ ৰামচন্দ্র খাৰাদী, অনুসূচিত জনজাতি আয়োগৰ ৰাষ্ট্রীয় অধ্যক্ষ হর্ষ চৌহান, সাংসদ দিলীপ শইকীয়া, শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগু উপস্থিত থাকে৷ এই সামৰণী অনুষ্ঠানত ভাষণ প্রদান কৰি কেন্দ্রীয় মন্ত্রীগৰাকীয়ে কয় যে উত্তৰ–পূর্বাঞ্চলৰ জনজাতীয় লোকসকলে নিজৰ পৰম্পৰা আৰু সংস্কৃতিক লৈ আজি একত্রিত হৈছে৷ এয়া অত্যন্ত আনন্দৰ বিষয়৷

জনজাতীয় লোকসকলৰ উত্তৰণ আৰু বিকাশৰ ক্ষেত্রত কেন্দ্রীয় চৰকাৰে সদায় কাম কৰি আহিছে আৰু আগলৈও কাম কৰি যাব বুলি তেওঁ উল্লেখ কৰে৷ এই সমাৰোহৰ জৰিয়তে উত্তৰ–পূর্বাঞ্চলৰ সকলো জনগোষ্ঠীৰ অভাৱ–ভিযোগসমূহ ৰাষ্ট্রীয় প্রেক্ষাপটত দাঙি ধৰাৰ প্রয়াস কৰা হ’ব৷ আনহাতে, জনজাতীয় ধর্মৰ পৰা আন ধর্মলৈ ধর্মান্তৰিত হোৱা লোকসকলক জনজাতীয় মর্যাদা চৰকাৰীভাৱে কর্তন কৰাৰো দাবী জনায় সামৰণী অনুষ্ঠানত৷

You May Also Like

More From Author