29.8 C
Assam
Monday, March 27, 2023

Featured News

গোৰোহা ফটাৰ সমস্যা? জানি থওক উপশমৰ উপায়….

শীতকালত বহুতৰে ভৰিৰ গোৰোহা ফাটে৷ এই সমস্যা...

হাত-ভৰি জিনজিননি হোৱাটো হ’ব পাৰে গুৰুতৰ ৰোগৰ লক্ষণ

বহুতৰে প্ৰায়ে হাত আৰু ভৰিত জিনজিননি হৈ...

হিকতিৰ পৰা পৰিত্ৰাণ পোৱাৰ সহজ ঘৰুৱা উপায়

সাধাৰণতে পানী কমকৈ খোৱা বা মচলাযুক্ত খাদ্য...

ৰাষ্ট্রীয় ক্রীড়া বঁটা ঘোষণা : অর্জুন বঁটাৰ বাবে নির্বাচিত স্বর্ণ কন্যা নয়নমণি শইকীয়া

Assamese Newsৰাষ্ট্রীয় ক্রীড়া বঁটা ঘোষণা : অর্জুন বঁটাৰ বাবে নির্বাচিত স্বর্ণ কন্যা নয়নমণি শইকীয়া

কেন্দ্রীয় ক্রীড়া আৰু যুৱ কল্যাণ মন্ত্রালয়ে ২০২২ বর্ষৰ ৰাষ্ট্রীয় ক্রীড়া বঁটা ঘোষণা কৰিছে৷ সেই অনুসৰি ক্রীড়া ক্ষেত্রৰ সর্বোচ্চ সন্মান ধ্যানচান্দ খেলৰত্ন বঁটাৰ বাবে নির্বাচিত হৈছে টেবুল টেনিছ তাৰকা অচন্থ শৰথ কমল৷ আনহাতে সন্মানজনক অর্জুন বঁটাৰ বাবে নির্বাচিত কৰা হৈছে দেশৰ ২৫গৰাকী তাৰকা ক্রীড়াবিদক৷ অসমৰ স্বর্ণকন্যা নয়নমণি শইকীয়ালৈও আগবঢ়োৱা হৈছে অর্জুন বঁটা৷ বার্মিংহামত অনুষ্ঠিত কমনৱেলথ গেমছত দেশৰ হৈ প্রথমবাৰৰ বাবে লন বলত স্বর্ণপদক অর্জন কৰাৰ স্বীকৃতি হিচাপে নয়নমণিলৈ আগবঢ়োৱা হৈছে এই সন্মান৷ মুঠ সাতটা বিভাগত প্রদান কৰা হ’ব এই বঁটাসমূহ৷ অহা ৩০ নৱেম্বৰত ৰাষ্ট্রপতি ভৱনত ৰাষ্ট্রপতি দ্রৌপদী মুর্মুৱে খেলুৱৈসকলক বঁটাসমূহ প্রদান কৰিব৷ যথেষ্টসংখ্যক ক্রীড়াবিদে এই বঁটাসমূহৰ বাবে আবেদন জনাইছিল যদিও উচ্চতম ন্যায়ালয়ৰ অৱসৰপ্রাপ্ত বিচাৰপতি এ এম ফানৱিলকাৰৰ নেতৃত্বাধীন নির্বাচক কমিটীয়ে খেলুৱৈসকলৰ চূড়ান্ত তালিকা প্রস্তুত কৰে৷ এই নির্বাচক কমিটীত আছে প্রখ্যাত ক্রীড়াবিদ, ক্রীড়া সাংবাদিক আৰু ক্রীড়া প্রশাসক৷ অর্জুন বঁটাৰ বাবে নির্বাচিত খেলুৱৈসকল হ’ল– সীমা পুনিয়া, এলধোছ প’ল, অবিনাশ মুকুন্দ ছেবলে, লক্ষ্য সেন, এইচ এছ প্রণয়, অমিত, নিষাদ জাৰিন, ভক্তি প্রদীপ কুলকার্ণী, আৰ প্রজ্ঞানন্ধা, দীপ গ্রেচ এক্কা, সুশীলা দেৱী, সাক্ষী কুমাৰ, নয়নমণি শইকীয়া, সাগৰ কৈলাস অহালকাৰ, ইলেভেনিল ভেলাৰিভান, ওমপ্রকাশ মিথাৰভেল, শ্রেজা আকুলা, বিকাশ ঠাকুৰ, অংশু, চৰিতা, প্রবীণ, মানসী গিৰীশ চন্দ্র যোশী, তৰুণ ধিলন, স্বপ্ণীনল সঞ্জয় পাটিল আৰু জেৰলিন আনিকা৷ দ্রোণাচার্য বঁটাৰ বাবে নির্বাচিত প্রশিক্ষকসকল হ’ল– জিওৱানজট সিং তেজা (আর্ছাৰী), মহম্মদ আলী কামাৰ (বক্সিং), চুমা সিদ্ধার্থ শিৰুৰ (পাৰা শ্বুটিং), সুজিত মান (ৰেষ্টলিং)৷ জীৱনজোৰা শাখাত বঁটা আগবঢ়োৱা হৈছে ক্রমে– দীনেশ জৱাহৰ লাড (ক্রিকেট), বিমল প্রফুল্ল ঘোষ (ফুটবল) আৰু ৰাজ সিং (ৰেষ্টলিং)৷ ক্রীড়া আৰু গেমছ ২০২২ত জীৱনজোৰা পাৰদর্শিতাৰ বাবে ধ্যানচান্দ বঁটা আগবঢ়োৱা হৈছে ক্রমে অশ্বিনী আকুঞ্জী (এথলেটিকছ), ধর্মবীৰ সিং (হকী), বি চি সুৰেশ (কাবাদী), নীৰ বাহাদুৰ গুৰুং (পাৰা এথলেটিকছ)৷ ৰাষ্ট্রীয় খেল প্রোৎসাহন বঁটা ২০২২– টেন্সষ্টেডিয়া এণ্টাৰপ্রাইজেছ প্রাইভেট লিমিটেড, কলিংগ ইনষ্টিটিউট অৱ ইণ্ডাষ্ট্রিয়েল টেকন’লজী, লাডাখ স্কাই এণ্ড স্ন’ব’ড এছ’চিয়েচন৷ মৌলানা আবুল কালাম আজাদ ট্রফী ২০২২ৰ বাবে নির্বাচিত হৈছে গুৰুনানক দেৱ বিশ্ববিদ্যালয়, অমৃতসৰ৷

 

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!