গৌতম ৰয়ক টিকট দি এপিএছচি কেলেংকাৰিৰ তদন্তৰ কফিনত গজাল মাৰিলে সোণোৱাল চৰকাৰে

0 min read

আগন্তুক বিধানসভা নির্বাচনত গৌতম ৰয় আৰু গুৰুজ্যোতি দাসক পুনৰ বিজেপিয়ে টিকট প্রদান কৰাক লৈ সৰৱ হৈ পৰিছে ফাইট এগেইনষ্ট ইনজাষ্টিচ অৱ এ পি এছ চি নামৰ সংগঠনটোৱে৷ আজি এক বিবৃতিত এই সংগঠনটোৰ আহ্বায়ক দেৱজ্যোতি গোস্বামীয়ে কয় যে কুখ্যাত ৰাকেশ পালৰ মূল পৃষ্ঠপোষক গৌতম ৰয়ক টিকট প্রদান কৰি অসম লোকসেৱা আয়োগৰ কেলেংকাৰিৰ তদন্তৰ কফিনত শেষ গজালটো মাৰিলে৷ এই প্রসংগতে বিবৃতিটোত তেওঁ কয়– ‘কেৱল ৰাকেশ পালেই নহয়, তেওঁৰ ভাতৃ ৰাজীৱ পালৰ সৈতেও গৌতম ৰয়ৰ বিশেষ সম্পর্ক আছিল৷ ইতিমধ্যে ডিব্রুগড় আৰক্ষীয়ে ৰয়ক বহুবাৰ এ পি এছ চিৰ গোচৰত সোধা–পোছাও কৰিছে৷ তৰুণ গগৈ চৰকাৰৰ জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগৰ মন্ত্রী হিচাপেও গৌতম ৰয়ৰ বিৰুদ্ধে আছে অবাধ দুর্নীতিৰ অভিযোগ৷’

ইফালে, অসম লোকসেৱা আয়োগৰ কেলেংকাৰিৰ সৈতে নাম সাঙোৰ খাই থকা মঙলদৈৰ বিধায়ক গুৰুজ্যোতি দাসক টিকট প্রদান কৰা কার্যকো সমালোচনা কৰে সংগঠনটোৱে৷ দুর্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ নীতি আওৰোৱা চৰকাৰৰ দিনত গৌতম ৰয় আৰু গুৰুজ্যোতি দাসৰ দৰে ব্যক্তিয়ে পুনৰ একো একোজন জনপ্রতিনিধি হ’ব ওলাইছে বুলি উল্লেখ কৰি গোস্বামীয়ে কয়–‘গুৰুজ্যোতি দাসৰ আত্মীয় হৈছে লোকসেৱা আয়োগৰ কেলেংকাৰিত অভিযুক্ত হৈ জে’ললৈ যোৱা পূর্বৰ সহকাৰী পৰীক্ষা নিয়ন্ত্রক পৱিত্র কৈৱর্ত৷ যাৰ সুবাদত গুৰুজ্যোতিৰ পত্নী লীনা দাস, খুলশালী নির্মালি দাস, শিখাৰাণী দাস, ভার্গৱ মুনি দাস আৰু মনদীপ দাসে বক্র পথেৰে চাকৰি লাভ কৰাৰ অভিযোগ উত্থাপন হৈছে৷

আনকি বিধায়ক হোৱাৰ পূর্বে ১৯৯৯ চনত শিক্ষকৰ চাকৰিৰ ক্ষেত্রতো তেওঁ কেলেংকাৰিত জড়িত হোৱাৰ তথ্য পোহৰলৈ আহিছে৷ এনে ব্যক্তিক পুনৰ টিকট প্রদান কৰাটো চূড়ান্ত ভণ্ডামিৰ বাহিৰে আন একো নহয়৷’ সেয়েহে ৰাজনৈতিক দলসমূহে পাতলীয়া কথাৰে ৰাইজৰ ওচৰ চপাৰ পৰিৱর্তে ৰাকেশ পালৰ দিনত দুুর্নীতিগ্রস্তভাৱে হোৱা নিযুক্তি বাতিল কৰিব বুলি আশ্বাস দিবলৈ সংগঠনটোৱে দাবী উত্থাপন কৰিছে৷ সেইদৰে পঞ্চায়ত আৰু জলসিঞ্চনৰ লগতে পূর্বৰ চৰকাৰৰ দিনত হোৱা সকলো নিযুক্তি কেলেংকাৰিৰ তদন্ত কৰাৰ লগতে অবৈধ নিযুক্তি বাতিল কৰিবলৈও তেওঁলোকে দাবী উত্থাপন কৰিছে৷ চৰকাৰ গঠন হ’লে লাখ লাখ নিবনুৱাক চৰকাৰীভাৱে সংস্থাপন দিয়া হ’ব বুলি বিভিন্ন ৰাজনৈতিক দলে প্রদান কৰা প্রতিশ্রুতি সন্দর্ভত গোস্বামীয়ে কয়– ‘কংগ্রেছ–বিজেপিয়ে লাখ লাখ নিবনুৱাক চৰকাৰী সংস্থাপন দিয়াৰ আশ্বাস প্রকৃততে চূড়ান্ত মিথ্যাচাৰ৷ নিবনুৱাৰ সমস্যা সমাধানৰ মন্ত্র আওৰোৱা চৰকাৰখন বিগত ৫ বছৰেও নাজানিলে ৰাজ্যত নিবনুৱাৰ প্রকৃত সংখ্যা কিমান৷ সেয়েহে এই তথ্য নজনাকৈ এখন চৰকাৰে কিদৰে পৰিকল্পনা কৰিব৷ ব্যক্তিগত প্রতিষ্ঠানত কিমান নিবনুৱাই চাকৰি লাভ কৰিলে, তাৰ তথ্য মজুত ৰখাটো চৰকাৰৰ দায়িত্ব৷ কিন্তু ৫ বছৰত এই বিষয়সমূহত চৰকাৰখনে কোনো গুৰুত্ব প্রদান নকৰিলে৷’ যাৰ বাবে মিথ্যাচাৰ আৰু ৰাজনৈতিক প্রলোভনৰ হাতোৰাত পণবন্দী নহ’বলৈ তেওঁলোকে যুৱ প্রজন্মৰ প্রতি আহ্বান জনাইছে৷

You May Also Like

More From Author