fbpx

অমৃতসৰৰ পৰা দিল্লীলৈ পদব্রজে অহা ধেমাজিৰ দুই ভাতৃৰ কৰুণ মৃত্যু

মাৰাত্মক ন’ভেল ক’ৰোনা ভাইৰাছ (ক’ভিড–১৯)ৰ সংহাৰলীলাত সম্প্রতি জনস্বাস্থ্যৰ সমান্তৰালভাৱে বিধ্বস্ত বিশ্বৰ অর্থনীতি ৷ মাৰাত্মক ভাইৰাছৰ সংক্রমণ প্রতিৰোধকল্পে বলৱৎ হৈ থকা লকডাউনৰ পৰিণতিত বন্ধ হৈ পৰিছে উদ্যোগ–কৃষিখণ্ডৰ উৎপাদন তথা বাণিজ্যিকীকৰণ ৷ পৰিণতিত লক্ষ লক্ষজনে কর্মসংস্থাপন হেৰুৱাই হাহাকাৰ কৰিবলগীয়া অৱস্থাৰ উদ্ভৱ হৈছে৷ বিশ্বৰ অন্যান্য প্রান্তৰ লগতে ভাৰততো শ্রমিক জনতাৰ একেই দুর্দশা৷ কর্মসংস্থাপন হেৰুৱাই কেইবাশ কিলোমিটাৰ দূৰৈৰ ঘৰখনলৈ ঢাপলি মেলা শ্রমজীৱীৰ দুর্দশাপূর্ণ জীৱনগাথাই নিতৌ সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰি আহিছে ৷ ইয়াৰ মাজতে বহিঃৰাজ্যত কর্মহীন হৈ দিনৰ পাছত দিন প্রখৰ ৰ’দত লঘোনে–ভোকে পদব্রজে ঢাপলি মেলা অসমৰ দুই যুৱকৰ আদবাটতে মৃত্যু হোৱাৰ এক অতি মর্মন্তুদ ঘটনাই পুনৰ উন্মোচিত কৰিলে লকডাউনৰ বাস্তৱতা ৷ দুয়োজনে ন্যূনতম চিকিৎসা অবিহনে আৰু পেটত ক্ষুধাৰ তাড়না লৈয়ে চকুমুদাৰ বিপৰীতে অসমৰেই শ্রমজীৱী আন দুই যুৱক মুমূর্ষু অৱস্থাত বৃহস্পতিবাৰে উদ্ধাৰ হৈছে নতুন দিল্লী ৰে’ল ষ্টেচনৰ সমীপৱর্তী পাহাৰগঞ্জ এলেকাৰ ফুটপাথত ৷

সৌভাগ্যবশতঃ লখিমপুৰ জিলাৰ পহুমৰাৰ হাতীলঙৰ ৰাজেন বৰাৰ পুত্র সন্তোষ বৰা (১৯) আৰু ঢকুৱাখনাৰ মাদেৰগুৰিৰ গোপীনাথৰ পুত্র ৰাজা দলে (২৪)ক উদ্ধাৰ কৰি সম্প্রতি নতুন দিল্লীৰ অসম হাউছত ৰখা হৈছে ৷ সন্তোষ বৰা নামৰ যুৱকজনৰ ভাষ্যৰ উদ্ধৃতিৰে অসম হাউছৰ এক সূত্রই লকডাউনে বিপর্যস্ত কৰা শ্রমিক জীৱনৰ বর্ণনা দাঙি ধৰে ৷ সেই অনুসৰি সন্তোষ বৰাৰ লগতে ধেমাজি জিলাৰ (বাতৰি লিখা পৰলৈকে সবিশেষ ঠিকনা আমাৰ হাতত পৰা নাই) দুই ভাতৃ কানহায়া আৰু ৰোচনে অমৃতসৰ অঞ্চলৰ কোনো লোকৰ খেতিপথাৰত শ্রমিত হিচাপে কাম কৰিছিল ৷ যোৱা ২৪ মার্চত দেশত লকডাউন বলৱৎ হৈ পৰাৰ পাছতে তেওঁলোকৰ কাম বন্ধ হৈ পৰে ৷ হাতত তেতিয়া পইচা বুলিবলৈ তেওঁলোকৰ হাতত নাছিলেই ৷ কাম যে সোনকালে আৰম্ভ হ’ব, তাৰো কোনো সম্ভাৱনা তেওঁলোকে দেখা নাছিল ৷ তথাপি লকডাউনৰ পৰা ১৯ দিন পর্যন্ত এসাঁজ খাই এসাঁজ নাখাই তেনেদৰেই তেওঁলোকে অমৃতসৰৰ কর্মস্থলীৰ সমীপৰ ভাৰালৈ লোৱা বাসস্থানতে কটায় ৷ শেষলৈ তিনিওৰে উপায় নাইকিয়া হৈ পৰিছিল ৷ কিয়নো শেষৰ সাত–আঠ দিন খাদ্যৰ নামত তেওঁলোকে কোনোমতে গোটাব পাৰিছিল নামমাত্রহে ৷ অনুনয়–বিনয় কৰাত মালিকে তিনিওকে দিয়ে মাত্র ৪ হাজাৰ টকা ৷ তাকেই শেষ সম্বল হিচাপে লৈ তিনিওজনে পদব্রজে গৃহাভিমুখী যাত্রা আৰম্ভ কৰে ৷ সন্মুখত অচিন–দীঘলীয়া পথ ৷ তথাপি মৰণত শৰণ দি তেওঁলোক আগবাঢ়িছিল ৷ লগত থকা টকা কমি অহাৰ আশংকাত খৰচ কৰিবলৈও ভয় ৷ প্রখৰ ৰ’দ মূৰত লৈ দীঘলীয়া কষ্টকৰ পথত কেৱল পানী আৰু কেইটুকুৰামান ৰুটি খায়েই তেওঁলোকে দিনে–নিশাই যাত্রা অব্যাহত ৰাখিছিল ৷ কিন্তু চণ্ডীগড় অতিক্রম কৰাৰ পাছতেই ক্রমাৎ অসুস্থ হৈ পৰে কানহায়া আৰু ৰোচন ৷ পেটৰ বিষৰ সমান্তৰালভাৱে শ্বাস–প্রশ্বাসৰ অসুবিধাই দুই ভাতৃৰ খোজকঢ়াৰ শক্তি নোহোৱা কৰি পেলাইছিল ৷

 

 

Read More In Niyomiya Barta

error: Content is protected !!
%d bloggers like this: