লাভলীনাক উৎসাহ জনাই অসম চৰকাৰৰ বন্তি প্ৰজ্বলন

লাভলীনাক উৎসাহ জনাই অসম চৰকাৰৰ বন্তি প্ৰজ্বলন

টকিঅ’ অলিম্পিকৰ  বক্সিং ৰিঙত বুধবাৰে ছেমি ফাইনেলত নামিব অসম কন্যা বক্সাৰ লাভলীনা বৰগোঁহাই।অসম কন্যাৰ জয়ৰ কামনাৰে গুৱাহাটীত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু মন্ত্ৰী বিমল বৰাই প্ৰজ্বলন কৰিলে বন্তি।নেহেৰু ষ্টেডিয়ামত লাভলীনাৰ  সফলতা কামনাৰে অনুষ্ঠিত কৰা  বন্তি প্ৰজ্বলন কাৰ্যসূচীত উপস্থিত থাকে মন্ত্ৰী পিযুষ হাজৰিকাও।

আনহাতে অসম বিধানসভাৰ বাজেট অধিৱেশন বুধবাৰে ১১বজাৰ পৰা আধাঘণ্টা লাভলীনাক উৎসাহ জনোৱাৰ বাবে স্থগিত ৰখা হৈছে।ডঃ নোমল মমিনৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে এই কথা ঘোষণা কৰে ।

GTM Desk

Related