Advertisement

বঢ়মপুৰত মুখ্যমন্ত্রী ড০ শর্মাই ৰাজহুৱাভাৱে দাহ কৰিলে বৰবিহ ড্রাগছ

বঢ়মপুৰত মুখ্যমন্ত্রী ড০ শর্মাই ৰাজহুৱাভাৱে দাহ কৰিলে বৰবিহ ড্রাগছ

যুৱপ্রজন্মক ধ্বংসৰ গৰাহলৈ ঠেলি দিয়া বৰবিহ ড্রাগ্ছ পুনৰ দেওবাৰে ৰাজহুৱাভাৱে দাহন হ’ল৷ ৰাজ্যত শনিবাৰে প্রথমবাৰৰ বাবে ৰাজহুৱাকৈ এই বৰবিহক নিজহাতে দাহ কৰাৰ পাছত আজিও বহমপুৰত দাহ কৰিলে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷

ড্রাগ্ছৰ বিৰুদ্ধে বিগত দুমাহে চলাই অহা কঠোৰ অভিযানত জব্দকৃত ৯.৭৩৩ কেজি হেৰ’ইন, ২৫৩.৩০১ কোজি গাঞ্জা, ৯৭৭ অ’পিয়াম, ৭৮৩৪০ কফ-চিৰাপ আৰু ২৭১৯০৪ টা নিচাযুক্ত টেবলেটকে ধৰি এক বৃহৎ পৰিমাণৰ ড্রাগ্ছ দেওবাৰে বহমপুৰত দাহ কৰি মুখ্যমন্ত্রীৰ স্পষ্ট মন্তব্য– ‘শূন্য সহনশীল নীতিৰে ড্রাগ্ছৰ বিৰুদ্ধে অভিযান অব্যাহত থাকিব৷ ড্রাগ্ছ পেডলাৰৰ বাবে এতিয়া সুৰক্ষিত নহয় অসম৷’

এই কার্যসূচীত মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ সৈতে উপস্থিত আছিল মন্ত্ৰী পিযূষ হাজৰীকা, স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত, বিধায়কক্ৰমে জিতু গোস্বামী, ৰূপক শৰ্মা, শশী কান্ত দাস আৰু ডিজিপি ভাস্কৰ জ্যোতি মহন্ত।

 

Shahnawaz Hamza