মুখ্যমন্ত্রীলৈ ৩০০ কেজি ৰংপুৰ হাৰিভাঙাৰ সুস্বাদু আম প্রেৰণ হাছিনাৰ

মুখ্যমন্ত্রীলৈ ৩০০ কেজি ৰংপুৰ হাৰিভাঙাৰ সুস্বাদু আম প্রেৰণ হাছিনাৰ

সুস্বাদু আম উপহাৰেৰে ভাৰতৰ সৈতে কূটনৈতিক সম্পর্ক অধিক মধুৰ কৰি তুলিছে বাংলাদেশৰ প্রধানমন্ত্রী শ্বেখ হাছিনাই৷ দেশৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ উপৰি পশ্চিমবংগ আৰু ত্রিপুৰাৰ পাছত অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মালৈও হাৰিভাঙাৰ সুস্বাদু আম প্রেৰণ কৰিছে বাংলাদেশৰ প্রধানমন্ত্রীগৰাকীয়্৷ ড০ শর্মালৈ ৰংপুৰৰ বিখ্যাত হাৰিভাঙাৰ ৩০০ কিলোগ্রাম সুস্বাদু আম আজি প্রেৰণ কৰিছে বাংলাদেশ চৰকাৰে৷ চিলেটৰ তামাবিল বন্দৰেৰে আজি দিনৰ এক বজাত এই আম প্রেৰণ কৰা হয়৷

গুৱাহাটীস্থিত বাংলাদেশ সহকাৰী উচ্চায়ুক্ত তনভীৰ মনচুৰে বন্দৰত এই আম চমজি লয়৷ এই আম হস্তান্তৰ প্রক্রিয়াৰ সময়ত প্রশাসনৰ উচ্চপদস্থ বিষয়া, শুল্ক বিভাগৰ বিষয়ববীয়া, ব’ডাৰ গার্ড অৱ বাংলাদেশ আৰু বিএছএফৰ বিষয়ববীয়াসকল উপস্থিত থাকে৷

বুধবাৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা নতুন দিল্লীত থকা বাবে জনতা ভৱনৰ মুখ্যমন্ত্রী কার্যালয়ত মুখ্যমন্ত্রীৰ প্রধান সচিব সমীৰ কুমাৰ সিন্হাৰ হাতত সহকাৰী উচ্চায়ুক্ত তনভীৰ মনচুৰে মুখ্যমন্ত্রীৰ আমৰ পেকেট প্রদান কৰে৷ উল্লেখ্য যে অসমৰ মুখ্যমন্ত্রীৰ উপৰি মেঘালয় আৰু মিজোৰামৰ মুখ্যমন্ত্রীৰ বাবেও ৩০০ কিলোগ্রামকৈ আম উপহাৰ হিচাপে পঠিয়াইছে শ্বেখ হাছিনাই৷

তিনিখন ৰাজ্যৰ মুখ্যমন্ত্রীৰ বাবে মুঠ ৯০০ কিলোগ্রাম আম ১২০টা কার্টনৰ জৰিয়তে প্রেৰণ কৰা হৈছে৷ তদুপৰি অতিৰিক্তভাৱে গুৱাহাটীস্থিত বাংলাদেশৰ সহকাৰী উচ্চায়ুক্তক বাংলাদেশ চৰকাৰে প্রদান কৰিছে ৩০০ কিলোগ্রাম আম৷ এই আম তিনিওখন ৰাজ্যৰ জ্যেষ্ঠ সাংবাদিক, কেইবাগৰাকীও বিশিষ্ট ব্যক্তিক উপহাৰ হিচাপে প্রদান কৰা হ’ব বুলি জানিব পৰা গৈছে৷ ইয়াৰ পূর্বে প্রধানমন্ত্রী নৰেন্দ্র মোদীলৈ ২,৬০০ কিলোগ্রাম আম প্রেৰণ কৰিছিল শ্বেখ হাছিনাই৷

GTM Desk

Related