মুখ্যমন্ত্রীলৈ ৩০০ কেজি ৰংপুৰ হাৰিভাঙাৰ সুস্বাদু আম প্রেৰণ হাছিনাৰ

0 min read

সুস্বাদু আম উপহাৰেৰে ভাৰতৰ সৈতে কূটনৈতিক সম্পর্ক অধিক মধুৰ কৰি তুলিছে বাংলাদেশৰ প্রধানমন্ত্রী শ্বেখ হাছিনাই৷ দেশৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ উপৰি পশ্চিমবংগ আৰু ত্রিপুৰাৰ পাছত অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মালৈও হাৰিভাঙাৰ সুস্বাদু আম প্রেৰণ কৰিছে বাংলাদেশৰ প্রধানমন্ত্রীগৰাকীয়্৷ ড০ শর্মালৈ ৰংপুৰৰ বিখ্যাত হাৰিভাঙাৰ ৩০০ কিলোগ্রাম সুস্বাদু আম আজি প্রেৰণ কৰিছে বাংলাদেশ চৰকাৰে৷ চিলেটৰ তামাবিল বন্দৰেৰে আজি দিনৰ এক বজাত এই আম প্রেৰণ কৰা হয়৷

গুৱাহাটীস্থিত বাংলাদেশ সহকাৰী উচ্চায়ুক্ত তনভীৰ মনচুৰে বন্দৰত এই আম চমজি লয়৷ এই আম হস্তান্তৰ প্রক্রিয়াৰ সময়ত প্রশাসনৰ উচ্চপদস্থ বিষয়া, শুল্ক বিভাগৰ বিষয়ববীয়া, ব’ডাৰ গার্ড অৱ বাংলাদেশ আৰু বিএছএফৰ বিষয়ববীয়াসকল উপস্থিত থাকে৷

বুধবাৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা নতুন দিল্লীত থকা বাবে জনতা ভৱনৰ মুখ্যমন্ত্রী কার্যালয়ত মুখ্যমন্ত্রীৰ প্রধান সচিব সমীৰ কুমাৰ সিন্হাৰ হাতত সহকাৰী উচ্চায়ুক্ত তনভীৰ মনচুৰে মুখ্যমন্ত্রীৰ আমৰ পেকেট প্রদান কৰে৷ উল্লেখ্য যে অসমৰ মুখ্যমন্ত্রীৰ উপৰি মেঘালয় আৰু মিজোৰামৰ মুখ্যমন্ত্রীৰ বাবেও ৩০০ কিলোগ্রামকৈ আম উপহাৰ হিচাপে পঠিয়াইছে শ্বেখ হাছিনাই৷

তিনিখন ৰাজ্যৰ মুখ্যমন্ত্রীৰ বাবে মুঠ ৯০০ কিলোগ্রাম আম ১২০টা কার্টনৰ জৰিয়তে প্রেৰণ কৰা হৈছে৷ তদুপৰি অতিৰিক্তভাৱে গুৱাহাটীস্থিত বাংলাদেশৰ সহকাৰী উচ্চায়ুক্তক বাংলাদেশ চৰকাৰে প্রদান কৰিছে ৩০০ কিলোগ্রাম আম৷ এই আম তিনিওখন ৰাজ্যৰ জ্যেষ্ঠ সাংবাদিক, কেইবাগৰাকীও বিশিষ্ট ব্যক্তিক উপহাৰ হিচাপে প্রদান কৰা হ’ব বুলি জানিব পৰা গৈছে৷ ইয়াৰ পূর্বে প্রধানমন্ত্রী নৰেন্দ্র মোদীলৈ ২,৬০০ কিলোগ্রাম আম প্রেৰণ কৰিছিল শ্বেখ হাছিনাই৷

You May Also Like

More From Author