ৰাজ্যত ৫ জুনলৈকে বৃদ্ধি কাৰ্ফিউঃ মুখ্যমন্ত্ৰী

1 min read

ৰাজ্যত ৫ জুনলৈকে বৃদ্ধি কৰা হ’ল কাৰ্ফিউ। গ্ৰামাঞ্চলত এতিয়াৰে পৰা ২ বজাতে হ’ব কাৰ্ফিউ। ক’ভিড নিয়ন্ত্ৰণৰ ক্ষেত্ৰত আজি এই ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

“ইয়াৰ পূৰ্বে গ্ৰাম্যাঞ্চলত ৫ বজাৰ পৰা কাৰ্ফিউ আৰম্ভ হৈছিল। পুনৰ ১০ দিনলৈ বৃদ্ধি কৰা হৈছে সান্ধ্য আইন। এতিয়া গাঁওসমূহতো কাৰ্ফিউ দুপৰীয়া ২ বজাৰ পৰা আৰম্ভ হ’ব। নগৰাঞ্চলত ১২ বজাৰ পৰা কাৰ্ফিউ বাহাল থাকিব। লগতে ৫ জুনলৈ বন্ধ থাকিব আন্তঃজিলা যাতায়াতো। পৰৱৰ্তী নিৰ্দেশনা নিদিয়ালৈকে বাহাল পূৰ্বৰ নিয়ম। আজি সন্ধিয়ালৈ প্ৰকাশ পাব নতুন এছঅ’পি।”– আজি কোকৰাঝাৰৰ শ্ৰীৰামপুৰত এইদৰে কয় মুখ্যমন্ত্ৰী ড০ শৰ্মাই।

 

You May Also Like

More From Author