fbpx

গাজিয়াবাদৰ চিকিৎসালয়ত চিনাক্ত Yellow ফাংগাছ সংক্রমিত প্রথমজন ৰোগী

ঘাতক ক’ভিড–১৯ৰ সমান্তৰালকৈ ব্লেক আৰু হোৱাইট ফাংগাছৰ সংক্রমণে দেশবাসীক শংকিত কৰি ৰখাৰ সময়তে এইবাৰ ৰোগীৰ দেহত ধৰা পৰিল অতি ভয়ানক য়েলো ফাংগাছ৷ ব্লেক আৰু হোৱাইট ভাইৰাছতকৈও ভয়ানক য়েলো ফাংগাছত আক্রান্ত এজন ৰোগী ধৰা পৰিছে ৰাষ্ট্রীয় ৰাজধানী অঞ্চল (এন চি আৰ)ত৷ উত্তৰ প্রদেশৰ গাজিয়াবাদত য়েলো ফাংগাছত আক্রান্ত প্রথমজন ৰোগী ধৰা পৰাৰ পাছতে দেশৰ চিকিৎসালয়সমূহত আন এক শংকা সৃষ্টি হৈছে৷

গাজিয়াবাদৰ ই এন টি বিশেষজ্ঞ বি পি ত্যাগীয়ে প্রকাশ কৰা মতে, তেওঁৰ চিকিৎসালয়ত চিনাক্ত হৈছে এজন য়েলো ফাংগাছত আক্রান্ত ৰোগী৷ চহৰখনৰ হর্ষ হাস্পতালত সঞ্জয় নগৰৰ বাসিন্দা ৪৫ বছৰীয়া ৰোগীজনৰ দেহত য়েলো ফাংগাছ ধৰা পৰা বুলি চিকিৎসক ত্যাগীয়ে প্রকাশ কৰিছে৷ তেওঁ প্রকাশ কৰা মতে, কিছুদিন পূর্বে তেওঁৰ ওচৰলৈ এজন ৰোগী আহিছিল৷ প্রথম পৰীক্ষাৰ অন্তত ৰোগীজনক স্বাভাৱিক দেখা গৈছিল যদিও আন এক পৰীক্ষাত পোহৰলৈ আহিল যে ৰোগীজন ব্লেক, হোৱাইট কিম্বা য়েলো ফাংগাছত আক্রান্ত হ’ব পাৰে৷ শৰীৰৰ ভিতৰত তেওঁৰ ফাংগাছ পোৱা গৈছে৷ কেইবাবাৰো পৰীক্ষণ কৰাৰ অন্তত ৰোগীজনক ব্লেক আৰু হোৱাইট ফাংগাছৰ ঔষধ এমফ’টেৰিচিন বি বেজী প্রয়োগ কৰা হয়৷ কিন্তু ৰোগীজনৰ অৱস্থা অলপো উন্নত নহ’ল৷ তাৰ পাছতেই ৰোগীজনক পুনৰ পৰীক্ষা কৰাত য়েলো ফাংগাছত আক্রান্ত হোৱা বুলি নিশ্চিত কৰে৷

উল্লেখ্য যে য়েলো ফাংগাছত আক্রান্ত হোৱা ৰোগীজনৰ পিতৃ বর্তমান ক’ভিড–১৯ত আক্রান্ত হৈ আন এখন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে৷ লক্ষণীয় যে ব্লেক আৰু হোৱাইট ফাংগাছতকৈ ভয়ানক য়েলো ফাংগাছত আক্রান্ত হ’লে ৰোগীৰ দেহত কি কি লক্ষণ দেখা দিব পাৰে৷ চিকিৎসকৰ মতে ৰোগীজন অত্যন্ত ভাগৰুৱা হ’বলৈ ধৰে, দ্রুতগতিত ওজন হ্রাস পায় আৰু ভোক লাগিবলৈ বন্ধ কৰে অর্থাৎ ভোক নলগা হয়৷ এই য়েলো ফাংগাছ ইমানেই ভয়াৱহ যে শৰীৰৰ কোনো ভিতৰৰ অংগত আক্রান্ত হোৱাৰ লগে লগে ক্ষিপ্রতাৰে আন আন অংগলৈ বিয়পি পৰে৷ শৰীৰৰ ভিতৰত ৰক্তক্ষৰণ হ’বলৈ আগবাঢ়ে, চকু সেমেকা হৈ উঠে, দৃষ্টিশক্তি কমি আহে আৰু অৱশেষত শৰীৰৰ ভিতৰৰ সকলো অংগ বিকল হৈ যায়৷ তাৎপর্যপূর্ণ যে এই ফাংগাছত আক্রান্ত ৰোগীৰ দেহত ঘা হ’বলৈ ধৰে আৰু ই বিয়পি পৰে৷ ব্লেক ফাংগাছ আৰু হোৱাইট ফাংগাছৰ দৰেই এই য়েলো ফাংগাছত আক্রান্ত ৰোগীৰ দেহতো এমফ’টেৰিচিন বি বেজী ব্যৱহাৰ কৰা হয়৷

error: Content is protected !!
%d bloggers like this: