দিল্লীৰ ‘কা’বিৰোধী সংঘর্ষ: অসম জীয়ৰী দেৱাংগনাক মূল অভিযুক্ত ৰূপে চার্জশ্বীট দাখিল

0 min read

গুৱাহাটী: শেহতীয়া সাম্প্রদায়িক সংঘর্ষৰ সূত্রপাত কৰিছিল অসম তনয়া দেৱাংগনা কলিতা৷ এনে এক চাঞ্চল্যকৰ অভিযোগেৰে উত্তৰ–পূব দিল্লীৰ সাম্প্রদায়িক সংঘর্ষৰ মূল অভিযুক্ত হিচাপে চিহ্ণিত কৰি দেৱাংগনাৰ বিৰুদ্ধে দিল্লী আৰক্ষীয়ে মঙলবাৰে অভিযোগনামা দাখিল কৰিছে৷

লক্ষণীয়ভাৱে দেৱাংগনাকে ধৰি মুঠ ১২জন লোকৰ নাম সন্নিৱিষ্ট কৰি দিল্লী আৰক্ষীয়ে মঙলবাৰে কৰকৰডুমা আদালতত অভিযোগনামা দাখিল কৰে৷ দিল্লী আৰক্ষীৰ অভিযোগনামা অনুসৰি জাফৰাবাদ মেড্র’ ষ্টেচনৰ সমীপত যি সাম্প্রদায়িক সংঘর্ষ হৈছিল, সেই সংঘর্ষৰ সূত্রপাত কৰাত গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছিল গৱেষক ছাত্রীগৰাকীয়ে৷

লক্ষণীয়ভাৱে ১২জন অভিযুক্তৰ ভিতৰত জে এন ইউৰ বিতর্কিত ছাত্রনেতা উমৰ খালিদৰ নামো অন্তর্ভুক্ত কৰিছে দিল্লী আৰক্ষীয়ে৷ এটা হোৱাটছএপ গ্রুপত হোৱা কথোকপথনৰ ভিত্তিত আৰক্ষীয়ে দেৱাংগনাৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে৷ মন কৰিবলগীয়া যে দেৱাংগনাৰ বিৰুদ্ধে আৰক্ষীয়ে কেইবাটাও গোচৰ ৰজু কৰিছে৷ ইয়াৰ মাজত এটা গোচৰত দেৱাংগনাই মঙলবাৰে তিছহাজাৰী আদালতৰ পৰা জামিন লাভ কৰিবলৈ সক্ষম হয়৷

অধিক পঢক নিয়মীয়া বাৰ্তাত

You May Also Like

More From Author