মন্দিয়াত পানীত ‌ডুবিল হেজাৰ হেজাৰ বিঘা ইৰিধান আৰু মৰাপাট খেতি

1 min read

গুৱাহাটী: একেৰাহে প্ৰায় বিছ দিন ধৰি বৰষুণ হোৱাৰ ফলত মন্দিয়া অঞ্চলৰ ভাতকুছি,মন্দিয়া,আগমন্দিয়া,দিঘীৰপাম ,চাছৰা,,সত্ৰকণৰা, মাণিকপুৰ,বাঘবৰ আদি পঞ্চায়তত কেইবাহেজাৰ বিঘা ইৰিধান আৰু মৰাপাট খেতি পানীত ডুবি যায় ।

যাৰ ফলত ইয়াৰ কৃষক সকল অত্যাধিক লোকচানৰ ‌সন্মুখীন হ’ব লগা হৈছে।

উল্লেখযোগ্য যে ইয়াৰ বেছিভাগ কৃষকেই বেলেগৰ মাটি ঠিকা লৈ খেতি কৰিছে , ইয়াৰে কিছুমান খেতিয়কে মাটিৰ মালিকক আগতীয়াকৈ মাটিৰ ভাড়া দি‌ লৈহে খেতি কৰিছে ,যাৰ ফলত কৃষক সকল অত্যাধিক চিন্তিত হৈ পৰিছে।

কিন্তু কৃষক সকলক সকাহ দিবলৈ নাই কোনো চৰকাৰী যোজনা,নাই কোনো ‌চৰকাৰী বিষয়া, তথাপিও কৃষক সকলে চৰকাৰৰ ফালৰপৰা কিবা এটা সহায় পাব বুলি আশাবাদী হৈয়ে আছে কিন্তু এতিয়ালৈকে চৰকাৰ প্ৰশাসনৰ কোনো‌ সংকেত পোৱা নাই ইয়াৰ কৃষক সকলে।

You May Also Like

More From Author