ৰাষ্ট্ৰীয় টাইকোৱানডোত মুগ্ধা দাসৰ স্বৰ্ণ জয়

1 min read

টেলেণ্ট চাৰ্চ এছ’চিয়েচন, দিল্লীৰ দ্বাৰা আয়োজিত সপ্তম ৰাষ্ট্ৰীয় যুৱ ক্ৰীড়া টাইকোৱানডোত অসমৰ হৈ প্ৰতিনিধিত্ব কৰি মুগ্ধা দাসে স্বৰ্ণ পদক লাভ কৰি ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।১৮ ছেপ্টেম্বৰৰ পৰা নতুন দিল্লী পিতামপুৰাত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাৰ ২৮কেজি অনুৰ্ধৰ ছাব জুনিয়ৰ শাখাত স্বৰ্ণ পদক লাভ কৰে অসমৰ মুগ্ধা দাসে।

উল্লেখ্য যে অসমৰ টাইকোৱানডো দলে শ্ৰেষ্ঠ দলৰ সন্মান ৰূপে ট্ৰফী লাভ কৰে প্ৰতিযোগিতাখনত।

গুৱাহাটীৰ নুনমাটি টাইকোৱাডো’   এছছিয়েছনৰ মুখ্য প্ৰশিক্ষক হৰগোবিন্দ কলিতা, সহ প্ৰশিক্ষক সীমান্ত বড়োৰ তত্বাৱধানত প্ৰশিক্ষণ গ্ৰহণ কৰা মুগ্ধা দাসে গোৱালপাৰা সৈনিক স্কুলৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী। মুগ্ধা গুৱাহাটীৰ নুনমাটিৰ বিষ্ণু ৰাভা নগৰ নিবাসী সাংবাদিক জয়ন্ত দাস আৰু জিলি দাসৰ জ্যেষ্ঠ কন্যা।উল্লেখ্য যে মুগ্ধা দাসৰ এই সফলতাই  শিক্ষা প্ৰতিষ্ঠানখনৰ শিক্ষক কৰ্মচাৰীৰ  লগতে ছাত্ৰ-ছাত্ৰীকো আনন্দিত কৰিছে। ছাত্ৰী গৰাকীৰ এই সফলতাৰ বাবে বিভিন্ন দল সংগঠন, অনুষ্ঠান প্ৰতিষ্ঠান তথা ব্যক্তি বিশেষে শুভেচ্ছা- অভিনন্দন জ্ঞাপন কৰিছে।

You May Also Like

More From Author