প্ৰাক্তন বিধায়িকা আঙুৰলতা ডেকাৰ বিৰুদ্ধে দিছপুৰ থানাত এজাহাৰ

প্ৰাক্তন বিধায়িকা আঙুৰলতা ডেকাৰ বিৰুদ্ধে দিছপুৰ থানাত এজাহাৰ

দন্ত চিকিৎসকৰ বিৰুদ্ধে বিতৰ্কিত মন্তৱ্য কৰা প্ৰাক্তন বিধায়িকা তথা নৱ-নিৰ্বাচিত ৰাজ্যিক বিজেপি মহিলা মৰ্চাৰ সভানেত্ৰী আঙুৰলতা ডেকাৰ বিৰুদ্ধে এজাহাৰ।দিছপুৰ থানাত এজাহাৰ দাখিল ভাৰতীয় দন্ত চিকিৎসক সংস্থাৰ ৰাজ্যিক আৰু গুৱাহাটী শাখাই।উল্লেখ্য  যে ৪৮ঘণ্টাৰ ভিতৰত ক্ষমা খোজাৰ দাবী জনাইছিল ডেকাক, কিন্তু নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত ক্ষমা নোখোজাত দাখিল কৰে এজাহাৰ ।

ৰাজ্যিক বিজেপি মহিলা মৰ্চাৰ এক সভাত দন্ত চিকিৎসকে মহিলাক চিকিৎসা কৰিলে যৌন নিৰ্যাতন কৰে বুলি বিতৰ্কিত মন্তব্য প্ৰকাশ কৰিছিল।তাৰ পাছতে সমগ্ৰ ৰাজ্য জুৰি আৰম্ভ হৈছিল প্ৰতিক্ৰিয়া।

Shahnawaz Hamza

Related