বিজ্ঞান শাখাত নৱম স্থানেৰে উজ্বলিল আমগুৰিৰ শিৱানুজ বৰকটকী

বিজ্ঞান শাখাত নৱম স্থানেৰে উজ্বলিল আমগুৰিৰ শিৱানুজ বৰকটকী

আমগুৰি, 25 জুনঃ বৃহস্পতিবাৰে ঘোষিত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত ফলাফলত বিজ্ঞান শাখাত আমগুৰিলৈ গৌৰৱ কঢ়িয়াই আনিছে এগৰাকী ছাত্ৰই ৷ ছাত্ৰগৰাকী আমগুৰিৰ অৰুণোদয় একাডেমীৰ শিৱানুজ বৰকটকী ৷ মুঠ ৯৪.৮ শতাংশ নম্বৰ লাভ কৰি বিজ্ঞান শাখাত নৱম স্থান দখল কৰিবলৈ সক্ষম হৈছে শিৱানুজে ৷ আমগুৰি পৌৰসভাৰ সহকাৰী অভিযন্তা সঞ্জীৱ বৰকটকী আৰু কমলাক্ষী বৰকটকীৰ পুত্ৰ শিৱানুজে ভৱিষ্যতে এগৰাকী সু-চিকিৎসক হোৱাৰ লক্ষ্য মনত পুহি ৰাখিছে ৷ উল্লেখ্য যে, ২০১৮ চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাতো শিৱানুজে অৰুণোদয় একাডেমীৰ পৰা সপ্তম স্থান দখল কৰিবলৈ সক্ষম হৈছিল ৷ ছাত্ৰগৰাকীয়ে অক্ষুন্ন ৰখা এই সাফল্যৰ ধাৰাবাহিকতাই উৎফুল্লিত কৰিছে পৰিয়ালৰ লগতে অঞ্চলবাসীক ৷

উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত ৯৪.৮ শতাংশ নম্বৰ লাভ কৰি বিজ্ঞান শাখাত নৱম স্থান দখলেৰে আমগুৰিলৈ গৌৰৱ কঢ়িয়াই শিৱানুজ বৰকটকীয়ে ৷

GTM Desk

Related