বহিঃৰাজ্যৰ পৰা ৰে’লেৰে ঘৰলৈ ওভতাৰ পথত সন্ধানহীন মৰিয়নিৰ যুৱক

বহিঃৰাজ্যৰ পৰা ৰে’লেৰে ঘৰলৈ ওভতাৰ পথত সন্ধানহীন মৰিয়নিৰ যুৱক

সন্ধানহীন যুৱকজন মৰিয়নিৰ চেলেং ৰণখামৰ বিষ্ণু মুড়া। ছমাহ পূৰ্বে কৰ্মৰ সন্ধানত চেন্নাইলৈ গৈছিল যুৱকজন। কোম্পানীটোৰ কাম এৰি ৫ দিন পূৰ্বে ঘৰলৈ ৰাওনা হৈছিল বিষ্ণু মুড়া। সতীৰ্থ ৪জন যুৱকৰ সৈতে ঘৰ অভিমুখে আহি আছিল বিষ্ণু মুড়া। কিন্তু পশ্চিমবংগৰ শামুকতোলা ষ্টেচনৰ পৰা সন্ধানহীন হয় যুৱকজন। সন্ধানহীন পাছৰে পৰা অফ হৈ আছে যুৱকজনৰ মোবাইল ফোন। যুৱকজনৰ সন্ধান নোপোৱাত চিন্তিত হৈ পৰিছে পৰিয়ালবৰ্গ। ঘটনা সন্দৰ্ভত চেলেংহাট আৰক্ষীক অৱগত কৰে পৰিয়ালে।

GTM Desk