অসম গ্ৰামীণ বিকাশ বেংকৰ অৱসৰী সন্থাৰ দ্বিতীয় দ্বি- বার্ষিক অধিবেশনৰ সামৰণি

অসম গ্ৰামীণ বিকাশ বেংকৰ অৱসৰী সন্থাৰ দ্বিতীয় দ্বি- বার্ষিক অধিবেশনৰ সামৰণি

নিউজ ব্যুৰ’,নগাঁও,২৯ছেপ্টেম্বৰ:–অসম গ্ৰামীণ বিকাশ বেংকৰ অৱসৰী সন্থাৰ দ্বিতীয় দ্বি- বার্ষিক অধিবেশনখন দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয়। গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত অভিনন্দন সভা কক্ষত অনুষ্ঠিত সন্থাৰ সভাপতি কমৰেড বিৰিঞ্চি কুমাৰ বুজৰবৰুৱাই সন্থাৰ পতাকা উত্তোলন আৰু পৰৱৰ্তী সময়ত এন ই এফ আৰ আৰ বি (অৱসৰী) সভাপতি কমৰেড বাবুল বৰাই বন্তি প্রজ্বলন-শ্বহীদ বেদীত মাল্যাৰ্পণ কৰে। অভ্যৰ্থনা সমিতিৰ সভাপতি কমৰেড ৰাম কৃষ্ণ শৰ্মাই দূৰ-দূৰণিৰ পৰা উপস্থিত হোৱা সকলো প্রতিনিধিকে সভালৈ আদৰণি জনায়।

ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক কমৰেড অমৰ কাকতিয়ে প্ৰয়াত কমৰেড দিলিপ কুমাৰ মুখার্জীৰ সৱল নেতৃত্বত আৰম্ভ কৰা গ্ৰামীণ বেংকৰ কৰ্মচাৰী সকলৰ দীৰ্ঘদিনীয়া সংগ্ৰাম আৰু ইয়াৰ সফলতাৰ বিষয়ে বিস্তৃত বাখ্যা আগবঢ়ায়। উল্লেখ্য যে গ্রামীণ বেংকৰ কৰ্মচাৰী সকলৰ চাকৰি জীৱন সংগ্ৰামী ইতিহাসেৰে ভৰা। এই সংগ্ৰামৰ ফলতেই বাণিজ্যিক বেংকৰ সমহাৰত বেতন আৰু অনান্য সা-সুবিধা পাবলৈ সক্ষম হৈছে। শেহতীয়াকৈ উচ্চতম ন্যায়লয়ৰ হস্তক্ষেপত গ্রামীণ বেংকৰ কৰ্মচাৰী সকলক কম্পিউটাৰ ইনক্রিমেন্ট আৰু অৱসৰ গ্ৰহণ কৰা দিনৰ পৰাই পেঞ্চন দিবলৈ কেন্দ্ৰীয় চৰকাৰ বাধ্য হয়। সভাত অসম গ্রামীণ বিকাশ বেংকৰ কৰ্মচাৰী সন্থাৰ সাধাৰণ সম্পাদক কমৰেড সমীৰণ মেধি আৰু বিষয়া সন্থাৰ সাধাৰণ সম্পাদক কমৰেড নুপুৰ বৰাই বিভিন্ন দিশ সামৰি বক্তব্য আগবঢ়াই আৰু অৱসৰী সন্থালৈ তেওঁলোকৰ ফালৰ পৰা সম্পূৰ্ণ সহযোগিতাৰ আশ্বাস প্ৰদান কৰে। অধিবেনত সমগ্র অসমৰ প্ৰায় ৪ শতাধিক প্রতিনিধিয়ে অংশগ্ৰহণ কৰে। ঋতু পৰ্ণ শৰ্মা,নগাঁও

GTM Desk

Related