দীপক কলিতাৰ “সেউজীয়া সপোন এটাৰ পাছে পাছে” গ্ৰন্থলৈ ২০২৪বৰ্ষৰ শ্ৰেষ্ঠ শিশু গ্ৰন্থ বঁটা

দীপক কলিতাৰ “সেউজীয়া সপোন এটাৰ পাছে পাছে” গ্ৰন্থলৈ ২০২৪বৰ্ষৰ শ্ৰেষ্ঠ শিশু গ্ৰন্থ বঁটা

নিউজ ব্যুৰ’,নগাঁও,২২অক্টোবৰ :– অসমীয়া শিশু গ্ৰন্থৰ জন্ম আৰু চৰ্চাৰ ক্ষেত্ৰখন দুৰ্বল বুলি সততে প্ৰচাৰ চলি থকাৰ মাজতো প্ৰতিবছৰে প্ৰকাশ পোৱা বহু কেইখন শিশু উপযোগী গ্ৰন্থই শিশুৰ লগতে সাধাৰণ পাঠকৰ মন মগজুত চিন্তাৰ নতুন চেতনা জন্মাবলৈ সক্ষম হৈ আহিছে। ২০২৩বৰ্ষৰ নৱেম্বৰ মাহত প্ৰকাশ পোৱা শিশু সাহিত্যিক দীপক কুমাৰ কলিতাৰ “সেউজীয়া সপোন এটাৰ পাছে পাছে” শীৰ্ষক শিশু উপন্যাসখনিৰ জৰিয়তে শিশুসকলে নিশ্চিতভাৱে তেওঁলোকৰ জীৱনৰ উজ্বল সম্ভাৱনাবোৰক বিচাৰি পোৱাৰ লগতে এজন ভাল মানুহ হিচাপে নিজকে গঢ়িবলৈ এক চিন্তাৰ খোৰাক পাব। অসমৰ অগ্ৰণী প্ৰকাশন প্ৰতিষ্ঠান ৰেখা প্ৰকাশনে প্ৰকাশ কৰা উল্লেখিত গ্ৰন্থখনিলৈ ২০২৪বৰ্ষৰ শ্ৰেষ্ঠ শিশু গ্ৰন্থ বঁটা আগবঢ়োৱা হৈছে বুলি অকণিৰ সাহিত্য সভাৰ সভাপতি পংকজ বৰুৱা আৰু সম্পাদক দ্বীপজ্যোতি বৰাই Guwahati Timesক এক বিবৃতিৰ জৰিয়তে জানিবলৈ দিছে। বিবৃতিটোত কোৱা হয় যে বৰ্তমান সময়ত শিশুসকলে কি কিতাপ পঢ়িব বা এখন ভাল কিতাপ পাঠকে কিদৰে নিৰ্বাচন কৰিব সেইটো চিন্তাৰ বিষয় হৈ পৰিছে। এনেক্ষেত্ৰত অকণিৰ সাহিত্য সভাই প্ৰতিবছৰে এখন শ্ৰেষ্ঠ শিশু গ্ৰন্থ নিৰ্বাচন কৰি পাঠকৰ সন্মুখত দাঙি ধৰাৰ লগতে অসমীয়া মৌলিক শিশু সাহিত্যৰ লেখক-লেখিকাসকলক উৎসাহিত কৰাৰ লক্ষ্যৰে প্ৰতিবছৰে শ্ৰেষ্ঠ শিশু গ্ৰন্থ বঁটা প্ৰদান কৰি আহিছে। এই বঁটাত আছে নগদ ধন,গ্ৰন্থৰ টোপোলা, গামোচা আৰু অংগবস্ত্ৰ। উল্লেখযোগ্য যে ২০২৩বৰ্ষত এই বঁটা লাভ কৰিছিল ড° ৰুবুল মাউতৰ “মোৰো এটা সপোন আছে” গ্ৰন্থখনিয়ে। এই বছৰৰ ডিচেম্বৰ মাহৰ অন্তিম সপ্তাহত তেজপুৰত বঁটা প্ৰদান কৰা হ’ব বুলি অকণিৰ সাহিত্য সভাৰ তৰফৰ পৰা জানিবলৈ দিছে । ঋতু পৰ্ণ শৰ্মা,নগাঁও

GTM Desk