মায়ঙত সমাজক লজ্জিত কৰা জঘন্য ঘটনা! ৩ নৰাধমৰ কামনাৰ বলি এগৰাকী ১৪ বছৰীয়া কিশোৰী

মায়ঙত সমাজক লজ্জিত কৰা জঘন্য ঘটনা! ৩ নৰাধমৰ কামনাৰ বলি এগৰাকী ১৪ বছৰীয়া কিশোৰী
ৰাজ্যত পুনৰ সংঘটিত হৈছে এক জঘন্য ঘটনা। ১৪ বছৰীয়া এগৰাকী কিশোৰীক তিনি পাষণ্ডই দলবদ্ধ অপকৰ্ম কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। দোকানলৈ যোৱাৰ পথৰ পৰাই অপহৰণ কৰি লৈ গৈ এই জঘন্য কাণ্ড সংঘটিত কৰে নৰাধম কেইটাই। ইতিমধ্যে আৰক্ষীয়ে এজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে যদিও এতিয়াও পলাতক আন দুজন।

সমাজক লজ্জিত কৰা জঘন্য ঘটনা। ৩ পাষণ্ডৰ দলবদ্ধ অপকৰ্মৰ বলি ১৪ বছৰীয়া কিশোৰী। স্থান মায়ঙৰ ১নং গাগলমাৰী। এগৰাকী ১৪ বছৰীয়া কিশোৰীক দলবদ্ধভাৱে অপকৰ্ম কৰিলে তিনিটাকৈ পাষণ্ডই। কিশোৰীগৰাকী ঘৰৰ কাষৰে দোকান এখনলৈ ওলাই যোৱাৰ সময়তে খাপ পিটি থকা তিনি পাষণ্ডই এখন গাড়ীত বলপূর্বকভাৱে উঠাই অপহৰণ কৰি লৈ যায়। আৰু তাৰ পিছতেই চলায় পাশৱিক নির্যাতন।

এই জঘন্য কাণ্ডৰ সৈতে জড়িত থকাৰ অভিযোগ উত্থাপিত হৈছে ইনামূল হুছেইন, আলী হুছেইন আৰু উবাইদ্দুল্লা নামৰ তিনিটা নৰাধমৰ বিৰুদ্ধে। ঘটনা সন্দর্ভত ভুক্তভোগী পৰিয়ালে মায়ং আৰক্ষী থানাত এক এজাহাৰ দাখিল কৰাৰ পিছতেই তৎপৰ হৈ পৰে আৰক্ষী। আৰক্ষীয়ে ক্ষিপ্ৰতাৰে অভিযান চলাই নির্যাতিতা কিশোৰীগৰাকীক উদ্ধাৰ কৰাৰ লগতে অভিযুক্ত উবাইদ্দুল্লাক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। কিন্তু বর্তমানো পলাতক অৱস্থাত আছে আন দুই অভিযুক্ত ইনামূল হুছেইন আৰু আলী হুছেইন।

Desk Admin

Related