লক্ষ্য ৫ বছৰত ২ লাখ নিযুক্তি, চৰকাৰী খণ্ডত খালী পদ ৭৫ হাজাৰ! ক’ত কেনেদৰে নিযুক্তি দিব ৰাজ্য চৰকাৰে?

লক্ষ্য ৫ বছৰত ২ লাখ নিযুক্তি, চৰকাৰী খণ্ডত খালী পদ ৭৫ হাজাৰ! ক’ত কেনেদৰে নিযুক্তি দিব ৰাজ্য চৰকাৰে?
ৰাজ্য চৰকাৰৰ অধীনত এই পৰ্যন্ত স্থায়ী আৰু অস্থায়ী মিলি আছে ৪ লাখ ৫০ হাজাৰ কৰ্মচাৰী। সমান্তৰালভাৱে ৰাজহুৱা খণ্ডত ৪,৮৬,৫২১। কেন্দ্ৰীয় চৰকাৰৰ অধীনত ৬২,৯১৩ গৰাকী। ব্যক্তিগত খণ্ডত ৭,১১,২২৩ গৰাকী। কিন্তু এতিয়াও ৰাজ্যত আছে প্ৰায় ২৮ লাখ ১০ হাজাৰ নিবনুৱা।
বিগত পাঁচ বছৰত ৰাজ্য চৰকাৰে ১ লাখ ৬০ হাজাৰ চৰকাৰী পদত নিযুক্তি প্ৰদান কৰিছে। এইবাৰো অনাগত ৫ বছৰত ৰাজ্য চৰকাৰৰ লক্ষ্য ২ লাখ নিযুক্তিৰ লক্ষ্য। এই কথা ঘোষণা কৰাতে ক্ষান্ত নাথাকি ইতিমধ্যে ক’ত কিমান পদ খালী আছে তাৰ তথ্য যুগুতাবলৈ মুখ্য সচিব ৰবি কোটাৰ নেতৃত্বত এক টাস্ক ফ’ৰ্চ গঠন কৰিছে ৰাজ্য চৰকাৰে। ১৭ জুনত সমিতিয়ে দাখিল কৰিব প্ৰতিবেদন। ইতিমধ্যে এই কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

সমিতিয়ে বিভাগে বিভাগে খালী পদৰ তথ্য যুগুতাই আছে যদিও তথ্য অনুসৰি এই পৰ্যন্ত বিভিন্ন বিভাগত খালী পদৰ সংখ্যা মাথো ৭৫ হাজাৰহে আছে। ইয়াৰে ভিতৰত প্ৰাথমিক আৰু মাধ্যমিক শিক্ষা বিভাগত ৩৫ হাজাৰ।মহাবিদ্যালয়ত ২,৭০০। মেডিকেল কলেজত ২,৮০০। গৃহ আৰু ৰাজনৈতিক বিভাগত ১৭ হাজাৰ। স্বাস্থ্য বিভাগত ৮ হাজাৰ। পঞ্চায়ত‌ আৰু গ্ৰামোন্নয়ন বিভাগত আছে ৫ হাজাৰ। অৰ্থাৎ ৰাজ্য চৰকাৰে ২ লাখ নিযুক্তিৰ লক্ষ্য পূৰণ কৰিবলৈ নতুনকৈ সৃষ্টি কৰিব লাগিব ১ লাখ ২৫ হাজাৰ পদ।

ইপিনে ৰাজ্যত ভয়াবহ ৰূপ লৈছে নিবনুৱা সমস্যাই। দেৱব্ৰত শইকীয়াই এক পত্ৰত উল্লেখ কৰা অনুসৰি ৰাষ্ট্ৰীয় হাৰৰ তুলনাত অসমৰ নিবনুৱাৰ সংখ্যা অধিক। পত্ৰত দাখিল কৰা তথ্য অনুসৰি, ৰাষ্ট্ৰীয় হাৰ ৩.১ শতাংশ অসমৰ হাৰ ৩.৭ শতাংশ। নগৰীয়া অঞ্চলত ৰাষ্ট্ৰীয় হাৰ ৪.৮ শতাংশ, অসমত ৬.৪ শতাংশ। একেখন পত্ৰত কংগ্ৰেছ নেতাগৰকীয়ে বিভিন্ন বয়সৰ নিবনুৱাৰ তথ্যও দাঙি ধৰে।

Desk