অসম কৃষি বিশ্ববিদ্যালয় আৰু কৃষি বিভাগৰ উদ্যোগত আয়োজিত গুৰুত্বপূৰ্ণ ‘ইণ্টাৰফেচ‘ বৈঠক….

অসম কৃষি বিশ্ববিদ্যালয় আৰু কৃষি বিভাগৰ উদ্যোগত আয়োজিত গুৰুত্বপূৰ্ণ ‘ইণ্টাৰফেচ‘ বৈঠক….

অসম কৃষি বিশ্ববিদ্যালয় আৰু কৃষি বিভাগৰ উদ্যোগত আয়োজিত গুৰুত্বপূৰ্ণ ‘ইণ্টাৰফেচ‘ বৈঠকত অসমৰ কৃষি খণ্ডৰ ৰূপান্তৰৰ বাবে অঞ্চল-ভিত্তিক শস্য নিৰ্বাচনৰ আহ্বান কৃষি মন্ত্ৰী পীযুষ হাজৰীকাৰ

কৃষকৰ উপাৰ্জন বৃদ্ধি কৰিবলৈ অসমে পৰম্পৰাগত ধান খেতিৰ পৰা উচ্চ মূল্যৰ উদ্যান শস্যৰ দিশলৈ ধাবিত হ’ব লাগিব— মন্ত্ৰী হাজৰীকা

গুৱাহাটী, ২৫ জুন — ৰাজ্যৰ গ্ৰাম্য অৰ্থনীতিৰ বিকাশৰ বাবে এক শক্তিশালী কৰ্মসূচী প্ৰস্তুত কৰাৰ উদ্দেশ্যে আজি অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত অসম কৃষি বিশ্ববিদ্যালয় আৰু কৃষি বিভাগৰ যৌথ উদ্যোগত আয়োজিত এক গুৰুত্বপূৰ্ণ ‘ইণ্টাৰফেচ বৈঠকত পৌৰোহিত্য কৰে কৃষি, জলসিঞ্চন আৰু সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী মন্ত্ৰী পীযুষ হাজৰীকাই। এনে ধৰণৰ প্ৰথমখন অংশীদাৰী সন্মিলনত শিক্ষাবিদ, কৃষি বিজ্ঞানী, কৃষি বিজ্ঞান কেন্দ্ৰ, নাবাৰ্ডৰ দৰে বিত্তীয় প্ৰতিষ্ঠান আৰু মীন, জলসিঞ্চন, পশুপালন আৰু পশু চিকিৎসা, উদ্যান শস্য, ৰেচম আদি সংলগ্ন সহযোগী বিভাগসমূহ একত্ৰিত হৈ ৰাজ্যৰ কৃষি খণ্ডৰ আধুনিকীকৰণৰ বাবে এক যৌথ ৰণনীতি প্ৰস্তুত কৰাৰ বিষয়ে আলোচনা কৰা হয়।

আজিৰ বৈঠকত নিজ ভাষণত মন্ত্ৰীগৰাকীয়ে কৃষি খণ্ডৰ সৰ্বাংগীণ উন্নয়নৰ বাবে এক স্পষ্ট আহ্বান জনায়। তেওঁ উল্লেখ কৰে যে ভাৰতে চাহ, মাংস আৰু মীনজাত সামগ্ৰী, ফল-মূল তথা শাক-পাচলি আদিৰ দৰে কৃষি সামগ্ৰী ৰপ্তানি কৰি কোটি কোটি ডলাৰ উপাৰ্জন কৰে যদিও এই ৰপ্তানি খণ্ডত অসমৰ অৱদান অতি নগণ্য। এই পৰিস্থিতিৰ অতি শীঘ্ৰে সলনি হ’ব লাগিব বুলি তেওঁ দৃঢ়তাৰে ব্যক্ত কৰে। মাহজাতীয় খাদ‍্য আৰু ৰন্ধন তেল আমদানিৰ বাবে দেশৰ বৃহৎ পৰিমাণৰ ধন বহিঃৰাজ্যলৈ যোৱাৰ কথা উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে কণী, মাছ, কুকুৰা আৰু গাহৰি আদিৰ উৎপাদন বৃদ্ধি কৰি অসমে সম্পূৰ্ণ স্বাৱলম্বিতা অৰ্জন কৰিব লাগিব, যাতে অন্য ৰাজ্যৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া নহয়।

অসমৰ প্ৰায় ৭৫ লাখ লোক কৃষি কৰ্মৰ ওপৰত নিৰ্ভৰশীল বুলি উল্লেখ কৰি মন্ত্ৰী হাজৰীকাই ৰাজ্যখনৰ বৰ্তমানৰ জলসিঞ্চন ব্যৱস্থাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে বৰ্তমান অসমৰ মাত্ৰ ২৪ শতাংশ কৃষিভূমিতহে জলসিঞ্চনৰ সুবিধা আছে, যাৰ পৰিসৰ বৃদ্ধি কৰাটো অত্যন্ত প্ৰয়োজনীয়। পৰম্পৰাগত ধান খেতিৰ পৰা কৃষকসকলে আশানুৰূপ লাভ নকৰাৰ বাবে তেওঁ উদ্যান শস্যৰ এক ব্যাপক আৰু কৌশলগত পৰিৱৰ্তনৰ পোষকতা কৰে। কৃষকৰ আয় বহুগুণে বৃদ্ধি কৰাৰ লক্ষ্যৰে তামোল, লিচু আৰু জালুকৰ দৰে লাভজনক শস্য উৎপাদনৰ ওপৰত বিশেষভাৱে গুৰুত্ব দিবলৈ তেওঁ আহ্বান জনায়।

শৈক্ষিক সমাজক এক বিশেষ দায়িত্ব অৰ্পণ কৰি মন্ত্ৰী হাজৰীকাই অসম কৃষি বিশ্ববিদ্যালয়ৰ বিশেষজ্ঞ আৰু গৱেষকসকলক এই যৌথ মঞ্চ ব্যৱহাৰ কৰি অঞ্চল-ভিত্তিক শস্য নিৰ্বাচন আৰু জলবায়ু-সহনশীল বীজ তথা পুলি বিকশিত কৰাৰ ক্ষেত্ৰত চৰকাৰী বিভাগসমূহক সঠিক পথ প্ৰদৰ্শন কৰিবলৈ আহ্বান জনায়। তেওঁ সামৰণিত কয় যে এই ‘ইণ্টাৰফেচ বৈঠক বৈজ্ঞানিক গৱেষণাক পোনপটীয়াকৈ পথাৰৰ সৈতে সংযোগ কৰা এক গতিশীল সেতু হ’ব লাগিব, যাতে অসমৰ কৃষি খণ্ডক পৰম্পৰাগত জীৱিকা নিৰ্বাহৰ পৰা এক লাভজনক বাণিজ্যিক উদ্যোগলৈ ৰূপান্তৰিত কৰিব পৰা যায়।

উক্ত উদ্বোধনী অনুষ্ঠানত কৃষি বিভাগৰ আয়ুক্ত তথা সচিব অৰুণা ৰাজোৰিয়া, অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য দীপজ্যোতি ৰাজখোৱা, নাবাৰ্ডৰ অসম আঞ্চলিক কাৰ্যালয়ৰ মুখ্য মহাপ্ৰবন্ধক জি. ৰমেশ কুমাৰৰ লগতে আন কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

Desk Admin