ধেমাজি জিলাৰ বানাক্ৰান্ত ৰাইজৰ কাষত শিক্ষামন্ত্ৰী ডা° ৰণোজ পেগু

ধেমাজি জিলাৰ বানাক্ৰান্ত ৰাইজৰ কাষত শিক্ষামন্ত্ৰী ডা° ৰণোজ পেগু

ধেমাজি জিলাৰ বানাক্ৰান্ত ৰাইজৰ কাষত শিক্ষামন্ত্ৰী ডা° ৰণোজ পেগু। বান সাহাৰ্য শিবিৰ তথা খহনীয়া অঞ্চল পৰিদৰ্শণ কৰি বান পৰিস্থিতিৰ বুজ। পথ- মথাউৰি নিৰ্মাণৰ প্ৰতিশ্ৰুতি প্ৰদান।

ধেমাজি; ২৫ জুনঃ- ধেমাজি জিলাৰ ধেমাজি ৰাজহ চক্ৰৰ অধীনৰ জয়ৰামপুৰ গাওঁ পঞ্চায়তৰ ধৰ্মপুৰ অঞ্চলৰ বানাক্ৰান্ত ৰাইজৰ মাজত আজি আহি উপস্থিত হয়হি অসম চৰকাৰৰ শিক্ষামন্ত্ৰী তথা স্থানীয় বিধায়ক ডা° ৰণোজ পেগু। পোনপ্ৰথমে মন্ত্ৰী গৰাকীয়ে লালুকীজান ধৰ্মপুৰ বড়ো প্ৰাৰ্থমিক বিদ্যালয়ত স্থাপন কৰা এক বান সাহাৰ্য শিবিৰ পৰিদৰ্শণ কৰে আৰু বান সাহাৰ্য শিবিৰত অৱস্থান কৰি থকা স্থানীয় অঞ্জলি চাপৰি অঞ্চলৰ ৰাইজৰ মাজত পৰ্যাপ্ত বিশুদ্ধ খোৱাপানী আৰু খাদ্য সামগ্ৰী; বিজানুনাশক পাউদাৰ; টিনপাত; যাৱতীয় চিকিৎসা সামগ্ৰী তথা ঔষধ আদি যোগান ধৰাৰ ব্যৱস্থা কৰে।

উল্লেষযোগ্য যে জীয়াঢল নদীৰ এক সুতি আগবাঢ়ি আহি ধৰ্মপুৰ অঞ্চলত খহনীয়াৰ সৃষ্টি কৰিছে। উক্ত খহনীয়া অঞ্চল পৰিদৰ্শণ কৰি মন্ত্ৰী গৰাকীয়ে চলিত বিত্তীয় বৰ্ষতে নদীৰ গতিপথৰ বুজ লৈ গৰা খহনীয়া প্ৰতিৰোধ আৰু মথাউৰি- ৰাস্তা নিৰ্মাণৰ প্ৰতিশ্ৰুতি স্থানীয় ৰাইজক প্ৰদান কৰে।

অন্যহাতেদি মন্ত্ৰী পেগুৱে কলবাৰী অঞ্চলৰ খহনীয়া পৰিদৰ্শণ কৰি ভিবি-জি-ৰাম- জি (VB G RAM G) আচনিৰ অধীনত মথাউৰি আৰু কালভাৰ্ট নিমাৰ্ণৰ বাবে জিলা আয়ুক্তক যাৱতীয় নিৰ্দেশণা দিয়ে।

উল্লেষযোগ্য যে ধেমাজি আৰু উত্তৰ লক্ষীমপুৰ জিলাৰ জলসম্পদ বিভাগৰ অভিযন্তা সকলক এক যুটীয়া বৈঠক অনুস্থিত কৰি সমন্বিত ভাবে দুয়োখন জিলাৰ বান পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ বাবে যাৱতীয় পৰিকল্পনা প্ৰস্তত কৰিবলৈ মন্ত্ৰীগৰাকীয়ে দায়িত্ব অৰ্পণ কৰে।

একে সময়তে আজি লটাক গাও পঞ্চায়তৰ অন্তৰ্গত ৰতোৱা অঞ্চল; এক নং নপাম; বৰদৈ বাগান আদি অঞ্চলৰো খহনীয়া তথা বান পৰিস্থিতিৰ বুজ লয় মন্ত্ৰীগৰাকীয়ে।

উল্লেষযোগ্য যে আজিৰ পৰিদৰ্শণ কালত মন্ত্ৰী গৰাকীৰ লগত জিলা আয়ুক্ত ৰাহুল সুৰেশ জাভিৰ আৰু জিলা জলসম্পদ বিভাগৰ বিষয়ববীয়া; চক্ৰ বিষয়া সকলৰ সহিতে জিলা প্ৰশাসণৰ অন্যান্য বিষয়-ববীয়া আৰু স্থানীয় ৰাইজ উপস্থিত থাকে।

Desk Admin