পুনেৰ ব্যৱসায়ী কেতন আগৰৱালাক প্ৰেমিক ছিয়া গোৱেল কৰিলে হত্যা?
পুনেৰ ব্যৱসায়ী কেতন আগৰৱালাৰ হত্যাকাণ্ডৰ চাঞ্চল্যকৰ তথ্য। আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে কেতবোৰ ভয়ংকৰ তথ্য। হত্যাৰ বলি হোৱা ব্যৱসায়ী কেতন আগৰৱালাৰ প্ৰেয়সী ছিয়া গোৱেল আৰু চেতনৰ মাজত আছিল দীৰ্ঘদিনীয়া প্ৰেমৰ সম্পৰ্ক। অতি পৰিকল্পিতভাৱে হত্যা কৰা হৈছিল কেতন আগৰৱালাক। ছিয়া গোৱেল আৰু প্ৰেমিক চেতনৰ মাজৰ সম্পৰ্ক খুচৰি চাওতেই যিবোৰ তথ্য উদ্ধাৰ হৈছে সেইবোৰ দেখি আচৰিত হৈছে আৰক্ষী।
তদন্তত ফাদিল হৈছে চলিত বৰ্ষৰ জানুৱাৰীৰ পৰা জুন মাহৰ ভিতৰত দুয়োৰে মাজত হৈছিল ২০০৪টা ফোন কল। এতিয়া ছিয়া আৰু চেতনৰ কল ৰেকৰ্ড ফাদিল কৰিলে কেতন আগৰৱাল হত্যাকাণ্ডৰ চাঞ্চল্যকৰ তথ্য।
পুনে আৰক্ষীৰ সূত্ৰ অনুসৰি ছিয়া আৰু চেতনৰ মাজত বিগত ৩ বছৰ ধৰি আছিল প্ৰেমৰ সম্পৰ্ক। চলিত বৰ্ষৰ জানুৱাৰীৰ পৰা জুন মাহৰ ভিতৰত দুয়োৰে মাজত হৈছিল ২০০৪টা ফোন ৰেকৰ্ড। ইফালে বিগত ৬ মাহৰ ভিতৰত ইজনে সিজনৰ লগত কেৱল ফোনতে ২৩৮ ঘণ্টা কথা পাতিছিল।
আৰক্ষী সূত্ৰই জনোৱা মতে দুয়োৱে সঘনাই ইজনে সিজনলৈ ফোন কৰিছিল। লগতে ৱাটছএপ’তো মেছেজ আৰু কল কৰিছিল ইজনে সিজনক। তদন্তকাৰী বিষয়াৰ মতে শিয়া আৰু চেতনে প্ৰত্যক্ষ ফোন কল, হোৱাটছএপ কল আৰু ফেচটাইমৰ কথা-বতৰাৰ জৰিয়তে নিয়মীয়াকৈ যোগাযোগত আছিল।
আৰক্ষী সূত্ৰই জনোৱা মতে, কল ডিটেইল ৰেকৰ্ডৰ তদন্তত দুয়োৰে মাজত অস্বাভাৱিকভাৱে অধিক পৰিমাণৰ যোগাযোগৰ কথা পোহৰলৈ আহিছে। লগতে তদন্তকাৰী আৰক্ষী বিষয়াৰ তথ্য অনুসৰি, ছিয়াৰ পৰিয়ালৰ ব্যৱসায় থকা পুনেৰ মাৰ্কেট য়াৰ্ড এলেকাত চেতনে এখন দোকান চলোৱাৰ কথাও আৰক্ষীৰ সন্মুখত স্বীকাৰ কৰিছে।
ত্যাকাণ্ডৰ স্থান হত্যাৰ কিছুদিন আগতেই চূড়ান্ত কৰিছিল ছিয়া আৰু চেতনে। তথ্য অনুসৰি ১৬ আৰু ১৭ জুনত এই ষড়যন্ত্ৰ ৰচা হৈছিল। পৰিকল্পনা অনুসৰিয়েই শিয়াই ১৮ জুনত কেতনক লৈ লোহাগাড দুৰ্গলৈ গৈছিল। ছিয়া আৰু কেতন তাত উপস্থিত হোৱাৰ চেতনে ইতিমধ্যে সেই স্থানত উপস্থিত হৈছিল। তাৰ পিছতে এটা নিৰ্জন স্থান চিনাক্ত কৰি চেতনে কেতনক আক্ৰমণ কৰি তললৈ ঠিল পেলাই দিছিল।