ৰাষ্ট্ৰীয় জুনিয়ৰ আৰু চাব-জুনিয়ৰ ভাৰোত্তোলন চেম্পিয়নশ্বিপত স্বৰ্ণ জয় ভাস্বতী গগৈৰ
ৰাষ্ট্ৰীয় পৰ্যায়ত সাফল্যৰ ধ্বজা উৰুৱাবলৈ সক্ষম হ’ল লাহোৱালৰ ভাস্বতী গগৈয়ে । সৰ্বভাৰতীয় পৰ্যায়ৰ ভাৰত্তোলন প্ৰতিযোগিতাত লাহোৱালৰ ভাস্বতী গগৈয়ে ৰেৰ্কড গঢ়িবলৈ সক্ষম হ’ল । ঝাৰখণ্ডত অনুষ্ঠিত ৰাষ্ট্ৰীয় চাবজুনিয়ৰ আৰু জুনিয়ৰ পাৱাৰলিফটিং চেম্পিয়নশ্বিপত স্কোয়াটত ৰাষ্ট্ৰীয় অভিলেখ গঢ়াৰ লগতে সোণৰ পদক লাভ কৰিলে ভাস্বতী গগৈয়ে ।
নিজে খ্যাতি অৰ্জন কৰাৰ লগতে অঞ্চলটোলৈও গৌৰৱ কঢ়িয়াই আনিলে ভাস্বতীয়ে ৷ \”এই পৃথিৱী এক ক্ৰীড়াংগন, ক্ৰীড়া হ’ল শান্তিৰ প্ৰাংগন”- খেল হ’ল এতিয়া কেৰিয়াৰ ।২০২৩ বৰ্ষৰ ঝাৰখণ্ডত অনুষ্ঠিত হোৱা সৰ্বভাৰতীয় পৰ্যায়ৰ শক্তি উত্তোলন (power lifting) প্ৰতিযোগিতাত লাহোৱালৰ ভাস্বতী গগৈয়ে ৬৯ কেজি শাখাত অংশগ্ৰহণ কৰি সোণৰ পদক লাভ কৰি অঞ্চলৰ লগতে অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে ।
উল্লেখ্য যে ভাস্বতীয়ে এই প্ৰতিযোগিতাত ১৫৫ কেজি উত্তোলন কৰি আগন্তুক ৰোমানিয়াত অনুষ্ঠিত হ’বলগীয়া আন্তঃৰাষ্ট্ৰীয় শক্তি উত্তোলন প্ৰতিযোগিতাত খেলিবলৈ নিৰ্বাচিত হৈছে । কিন্তু লক্ষণীয় যে অসমৰ ক্রীড়া ক্ষেত্ৰলৈ সফলতা কঢ়িয়াই অনা খেলুৱৈগৰাকীয়ে বৰ্তমানে চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ সাহাৰ্য পোৱা নাই । সংবাদ মাধ্যমৰ জৰিয়তে অসম চৰকাৰ তথা শুভাকাংখীৰ পৰা সহায় সহযোগিতা বিচাৰিছে খেলুৱৈ গৰাকীয়ে ।