কলেষ্টৰেল বৃদ্ধি হ’লে টেনচন বৃদ্ধি পায়! গতিকে কলেষ্টৰেলৰ মাত্ৰা হ্ৰাস কৰিবলৈ খাদ্যৰ তালিকাত অন্তৰ্ভুক্ত কৰক নহৰু

কলেষ্টৰেল বৃদ্ধি হ’লে টেনচন বৃদ্ধি পায়! গতিকে কলেষ্টৰেলৰ মাত্ৰা হ্ৰাস কৰিবলৈ খাদ্যৰ তালিকাত অন্তৰ্ভুক্ত কৰক নহৰু

যদি খাদ্যত অলপ নহৰু ব্যৱহাৰ কৰা হয়, তেন্তে খাদ্যৰ সোৱাদ আৰু সুগন্ধ সলনি হয়। ইয়াৰ ফলত খাদ্য অতি সোৱাদযুক্ত হয়। কেৱল এয়াই নহয়, এই নহৰু স্বাস্থ্যৰ বাবেও অতি উপকাৰী। কলেষ্টৰেলৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাৰ পৰা আৰম্ভ কৰি ডায়েবেটিছ নিয়ন্ত্ৰণত ৰখালৈকে এই শক্তিশালী উপাদান বছৰ বছৰ ধৰি ব্যৱহাৰ কৰা হৈছে। আপুনিও নহৰুক খাদ্যৰ তালিকাত অন্তৰ্ভুক্ত কৰি কলেষ্টেৰলৰ মাত্ৰাও হ্ৰাস কৰিব পাৰে। আপুনি কেনেকৈ নহৰুক আপোনাৰ খাদ্যৰ অংশ হিচাপে গঢ়ি তুলিব পাৰে জানো আহক।

কেনেকৈ নহৰুক খাদ্যৰ অংশ হিচাপে ব্য়ৱহাৰ কৰিব ?

ক)কেঁচা নহৰু খাব: – খালী পেটত কেঁচা নহৰু খালে কলেষ্টেৰলৰ মাত্ৰা কমাই হৃদযন্ত্ৰৰ স্বাস্থ্যৰ উন্নতি সাধন কৰিব পাৰে। মধুমেহ ৰোগীৰ বাবেও ইয়াক ভাল বুলি গণ্য কৰা হয়। কেঁচা নহৰুত পোৱা এলিচিন নামৰ যৌগটোৱে কলেষ্টেৰল কমোৱা বুলি প্ৰমাণিত হৈছে। আৰু তেজ পাতল কৰা গুণ থকা বুলি জনা যায়। এই সুবিধাসমূহ পাবলৈ কেৱল ৰাতিপুৱা এগিলাচ পানীৰ সৈতে কেঁচা নহৰুৰ কেইফুটামান খাব লাগে।

খ)নহৰুৰ চাহ খাব – নহৰুৰ চাহ খাব পাৰে। নহৰুৰ চাহ বনাবলৈ নহৰু এফুটা থেতেলিয়াই একাপ পানীত মিহলাই লওক। তাৰ পিছত কিছু সময় উতলাই লওক। তাত এচামুচৰ পৰা দুচামুচ ডালচেনি দিব। অলপ উতলিবলৈ দিয়ক। শেষত এটা কাপত উলিয়াই আনি তাত মৌ আৰু আধা চামুচ নেমুৰ ৰস মিহলাই দিব।

গ)নহৰু আৰু মৌঃ- নহৰু খোৱাৰ আন এটা উত্তম উপায় হ’ল নহৰুৰ এফুটা তিনিৰ পৰা চাৰিটা টুকুৰা কৰি কাটি লৈ চামুচ এখনত ​​মৌ কেইটোপালমান দি মিহলাই কেইমিনিটমান ৰাখিব। তাৰ পিছত নহৰু চোবাই গিলি দিব। যদি আপুনি ইয়াৰ সোৱাদ তিতা অনুভৱ কৰে, তেন্তে গৰম পানী খাব পাৰে। ই কেৱল কলেষ্টেৰল আৰু ডায়েবেটিছৰ পৰা সকাহ দিয়াই নহয়, এচিড ৰিফ্লাক্স আৰু বমিৰ লক্ষণৰ পৰাও সকাহ দিব পাৰে।

ঘ)পোৰা নহৰুঃ – নহৰুৰ সোৱাদ যদি তিতা বুলি ভাবে, তেন্তে পুৰি খাব পাৰে। ইয়াৰ বাবে ইয়াৰ উপকাৰীতাও অক্ষত থাকে আৰু ইয়াৰ সোৱাদটো অলপ মিঠা আহে। আপুনি ৰুটি ,ব্ৰেডৰ লগতো পোৰা নহৰু খাব পাৰে।

ঙ)নহৰুৰ তেল- নহৰুৰ সুবিধা ল’বলৈ ইয়াৰ তেলো ব্যৱহাৰ কৰিব পাৰে। চালাড ড্ৰেছিঙৰ বাবে বা পোৰা শাক-পাচলি বা ৰুটিৰ সোৱাদ বৃদ্ধি কৰিবলৈ নহৰুৰ তেল ব্যৱহাৰ কৰিব পাৰে। নহৰুৰ তেল বনাবলৈ নহৰুৰ বাকলি গুচাই থেতেলিয়াই পেলাওক। তাৰ পিছত চচপেনত একাপ ভাল ৰন্ধন তেল যেনে অলিভ বা এভোকেডো তেলৰ সৈতে একেলগে মিহলাই লওক। কম জুইত ১০ মিনিটমান গৰম কৰক। মনত ৰাখিব যে নহৰু জ্বলিব নালাগে। এই তেল ঠাণ্ডা কৰি ছাকি লৈ ব্যৱহাৰৰ বাবে ৰাখিব।

GTM Desk