তদন্ত হ’ব পশ্চিমবংগৰ বিশ্ববিদ্যালয়ৰ পৰা লোৱা BEd আৰু D El Ed ডিগ্ৰীৰ

তদন্ত হ’ব পশ্চিমবংগৰ বিশ্ববিদ্যালয়ৰ পৰা লোৱা BEd আৰু D El Ed ডিগ্ৰীৰ

মুখ্যমন্ত্ৰীয়ে দিছে নিৰ্দেশ, তদন্ত হ’ব পশ্চিমবংগৰ বিশ্ববিদ্যালয়ৰ পৰা লোৱা BEd আৰু D El Ed ডিগ্ৰীৰ
শিক্ষিত নিবনুৱাক বঞ্চিত কৰি বহিঃৰাজ্যৰ পৰা ভুৱা ডিগ্ৰী গ্ৰহণ কৰি নিযুক্তি লাভ কৰাসকলৰ ডিগ্ৰীৰ বৈধতা পৰীক্ষাৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ।
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত শিক্ষাবিভাগে আৰম্ভ কৰিছে তদন্ত। অসম চৰকাৰৰ স্কুল এড্যুকেশ্যন ডিপাৰ্টমেণ্ট, দিছপুৰৰ পৰা প্ৰেৰণ কৰা পত্ৰ নং eCF No. 284755/5 ত স্কুল এড্যুকেশ্যন বিভাগৰ সচিব তথা আই এ এছ নাৰায়ণ কোঁৱৰে মুখ্যমন্ত্ৰীৰ পৰা লাভ কৰা পত্ৰ নং CMS.38/2022/Vol-1/262 dated 10.05.2023 ৰ বিষয়ে উল্লেখ কৰি এলিমেণ্টেৰি এড্যুকেশ্যন সঞ্চালকালয় আৰু ছেকেণ্ডেৰী এড্যুকেশ্যন সঞ্চালকালয়ক পশ্চিমবংগৰ বিভিন্ন বিশ্ববিদ্যালয়ে প্ৰদান কৰা ভুৱা বি এড আৰু ডি এল এড ডিগ্ৰী পৰীক্ষাৰ বাবে নিৰ্দেশ প্ৰদান কৰিছে।
লগতে বিষয়টো অতি গুৰুত্বপূৰ্ণ বুলিও উল্লেখ কৰিছে। উল্লেখ্য যে, অভিযোগ অনুসৰি পশ্চিমবংগৰ একাংশ বিশ্ববিদ্যালয়ে ধনৰ বিনিময়ত ভুৱা বি এড অথবা ডি এল এড ডিগ্ৰী প্ৰদান কৰি আহিছে।
এইদৰে লাভ কৰা ভুৱা ডিগ্ৰীত ৯৮, ৯৯ শতাংশ পৰ্যন্ত নম্বৰ লাভ কৰিছে একাংশই। যাৰ বাবে অসমৰ বিশ্ববিদ্যালয়ৰ অধীনত বৈধ ভাৱে ডিগ্ৰী গ্ৰহণ কৰা একাংশই চাকৰি লাভৰ পৰা বঞ্চিত হ’বলগীয়া হৈছে।

GTM Desk