অনিৰ্দিষ্ট কাললৈ বন্ধ কৰা হৈছে মাজুলী-নিমাতীঘাটৰ ফেৰী সেৱা

অনিৰ্দিষ্ট কাললৈ বন্ধ কৰা হৈছে মাজুলী-নিমাতীঘাটৰ ফেৰী সেৱা

ব্রহ্মপুত্রৰ জলস্তৰ বৃদ্ধি পোৱাত এই নিৰ্দেশনা আভ্যন্তৰীণ জল পৰিবহন বিভাগৰ। ৰাজ্যৰ লগতে চুবুৰীয়া ৰাজ্য অৰুণাচলত হোৱা নেৰানেপেৰা বৰষুণৰ ফলত বৃদ্ধি পাইছে ব্রহ্মপুত্রৰ জলপৃষ্ঠ।

ইপিনে ফেৰী সেৱা বন্ধ হোৱাত মাজুলী-নিমাতীঘাটৰ যাত্রীৰ মাজত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতিৰ। ইয়াৰ পূৰ্বেও ঘাট দুটাৰ মাজত ফেৰী সেৱা বন্ধ হৈ পৰাত যাতায়তৰ ক্ষেত্ৰত যাত্ৰীসকলে সমস্যাৰ সন্মুখীন হৈছিল। উল্লেখ্য এই সময়চোৱাত গুটীয়া নাও বন্ধ কৰাৰ নিৰ্দেশনা জাৰি কৰাৰ লগতে নৈ-পৰীয়া ৰাইজকো সাৱধানৰ অহ্বান জনাইছে।

GTM Desk

Related