আৰক্ষীৰ চকুত ধূলি দি পলায়ন শুভলক্ষ্মীৰ!

আৰক্ষীৰ চকুত ধূলি দি পলায়ন শুভলক্ষ্মীৰ!

বিতৰ্কিত শুভলক্ষ্মীক বিচাৰি গুৱাহাটীত শিৱসাগৰ আৰক্ষীৰ দল। প্ৰাক্তন বিধায়ক কুশল দুৱৰীৰ ঘৰত আৰক্ষীৰ অভিযান। বিধায়কগৰাকীৰ ছয়মাইলস্থিত বাসগৃহত আৰক্ষীয়ে চলালে অভিযান। শুভলক্ষ্মী দত্তই আত্মগোপন কৰি থকাৰ সন্দেহত আৰক্ষীৰ অভিযান। আৰক্ষী অহাৰ উমান পাই আৰক্ষীৰ চকুত ধূলি দি পলায়ন শুভলক্ষ্মীৰ।
বনকৰা মহিলা অকথ্য নিৰ্যাতন চলোৱাৰ অভিযোগ শুভলক্ষ্মীৰ বিৰুদ্ধে। অনিমা প্ৰজাৰ নামৰ মহিলাগৰাকীৰ গাত গৰম পানী ঢালিছিল নিলম্বিত ASP শুভলক্ষ্মীয়ে। বাথৰুমৰ মজিয়া চেকেলিবলৈ বাধ্য কৰাইছিল শুভলক্ষ্মীয়ে। অভিযোগ উত্থাপন হোৱাৰ পিছত ৩০ আগষ্টত হেডকোৱাৰ্টাৰ ক্লজ কৰা হৈছিল শুভলক্ষ্মীক। তাৰ পিছত নিলম্বন কৰা হৈছিল। যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা।

GTM Desk

Related