নগাঁৱত শিক্ষক দিৱসত ২৮গৰাকী কৃতী শিক্ষকক বঁটা প্ৰদান

নগাঁৱত শিক্ষক দিৱসত ২৮গৰাকী কৃতী শিক্ষকক বঁটা প্ৰদান

নিউজ ব্যুৰ’,নগাঁও,৫ছেপ্টেম্বৰ:–“শিক্ষা দিয়া আৰু শিক্ষা গ্ৰহণ কৰা এক জীৱনযোৰা প্ৰক্ৰিয়া । সু-শিক্ষাৰ জৰিয়তেহে নৱ প্ৰজন্মৰ ছাত্ৰ-ছাত্ৰীক সঠিক দিশত আগুৱাই নিব পৰা যাব।”– এই মন্তব্য নগাঁৱৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ মৃদুল কুমাৰ হাজৰিকাৰ। নগাঁও জিলা প্ৰশাসন আৰু শিক্ষা বিভাগৰ উদ্যোগত অনুষ্ঠিত ৬২সংখ্যক ৰাষ্ট্ৰীয় শিক্ষক দিৱসৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি উপাচাৰ্য ডঃ হাজৰিকাই লগতে কয় যে এজন আদৰ্শ শিক্ষক হ’বলৈ সংবেদনশীল,সহনশীলতা আৰু বৈচিত্ৰ্যময় গুণৰ অধিকাৰী হ’ব লাগিব। সত্যক জ্ঞানলৈ ৰূপান্তৰ কৰিব পৰাটোৱেই আচল শিক্ষা। তেওঁ মূল্যবোধৰ শিক্ষাৰ ওপৰত গুৰুত্ব প্ৰদান কৰি কয় যে নৈতিকতা অবিহনে শিক্ষা সম্পূৰ্ণ হ’ব নোৱাৰে। নগাঁও চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত জিলা আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহৰ সভাপতিত্বত সভাখনিত নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি ভাষণ প্ৰসংগত কয় যে শিক্ষা এটা জাতিৰ মেৰুদণ্ড স্বৰূপ। শিক্ষাইহে এটা জাতিৰ আমোল পৰিৱৰ্তন আনিব পাৰে আৰু শিক্ষক সকল হ’ল এগছি বন্তিৰ দৰে । যি এখন সমাজ বা দেশক পোহৰাই তুলিব পাৰে। বিধায়কগৰাকীয়ে শিক্ষাগুৰু সকলক যথেষ্ট সন্মান কৰিব লাগে বুলিও বিশেষকৈ নৱ প্ৰজন্মৰ প্ৰতি আহ্বান জনায়। নগাঁও আৰু শিক্ষক দিৱস উদযাপন সমিতিৰ সম্পাদক যজ্ঞেশ্বৰ ৰাজখোৱাই আঁত ধৰা আৰু নগাঁও সংমণ্ডলৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক মৃদুল কুমাৰ নাথে আদৰণি ভাষণ প্ৰদান কৰা অনুষ্ঠানত জিলাখনৰ ২৮ গৰাকী শিক্ষকক “কৃতী শিক্ষক বঁটা-২০২৩” প্ৰদান কৰা হয়।

এই অনুষ্ঠানতে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই শিক্ষক দিৱস উপলক্ষে ২০১০ বৰ্ষৰ পৰা চলিত বৰ্ষ পৰ্যন্ত জিলাখনৰ পৰা ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ত কৃতী শিক্ষকৰ বঁটা লাভ কৰা মুঠ ২৭ গৰাকী শিক্ষকৰ বাবে প্ৰেৰণ কৰা বিশেষ প্ৰশংসা পত্ৰ আৰু গামোচা তথা চেলেঙেৰে সম্বৰ্ধনা জনোৱা হয়। সভাখনত জিলাখনৰ শিক্ষা বিভাগৰ অতিৰিক্ত আয়ুক্ত মনোৰমা মৰাং,বিদ্যালয় সমূহৰ উপ-পৰিদৰ্শক দেৱেন লহকৰ, জিলা অধিবিদ্যা পৰিষদৰ সচিব ৰঞ্জিত শ‌ইকীয়া,সদৌ অসম উচ্চতৰ মাধ্যমিক শিক্ষক-কৰ্মচাৰী সন্থাৰ বিষয়ববীয়া মৃগাংক বৰা প্ৰমুখ্যে বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

ঋতু পৰ্ণ শৰ্মা,নগাঁও

GTM Desk

Related