Advertisement

১২ ছেপ্টেম্বৰত পুনৰ ৫০০ কোটি টকা ঋণ ল’ব অসম চৰকাৰে

১২ ছেপ্টেম্বৰত পুনৰ ৫০০ কোটি টকা ঋণ ল’ব অসম চৰকাৰে

অহা ১২ ছেপ্টেম্বৰত পুনৰ ৫০০ কোটি টকাৰ ঋণ ল’ব ৰাজ্য চৰকাৰে৷ যোৱা ৫ ছেপ্টেম্বৰত ১,০০০ কোটি টকাৰ ঋণ লোৱা ৰাজ্য চৰকাৰখনে এটা সপ্তাহ নৌহওঁতেই ১২ ছেপ্টেম্বৰত মুকলি বজাৰৰ পৰা পুনৰ ৫০০ কোটি টকাৰ ঋণ লোৱাৰ বাবে ৰিজাৰ্ভ বেংকৰ ওচৰত প্ৰস্তাৱ দাখিল কৰিছে৷ উল্লেখ্য, ড॰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰে দুবছৰীয়া চাৰিমাহৰ কাৰ্যকালতে ৪৩ হাজাৰ কোটি টকাৰ ঋণ লোৱা বুলি অখিল গগৈকে ধৰি একাংশ বিৰোধীয়ে অভিযোগ কৰি আহিছে৷ ৰাজ্যৰ বিজেপি চৰকাৰৰ সাতবছৰীয়া কাৰ্যকালত সৰ্বমুঠ ৯১ হাজাৰ কোটি টকাৰ ধাৰ লোৱা বুলি তথ্য প্ৰকাশ পাইছে৷ অথচ ১৯৪৭ চনৰ পৰা ২০১৬ চনলৈ ৰাজ্যৰ সৰ্বমুঠ ঋণৰ পৰিমাণ আছিল ৪২ হাজাৰ কোটি টকা৷ ধাৰ লোৱা ধনৰ অধিকাংশই বৰ্তমানৰ চৰকাৰে হিতাধিকাৰী পোষণ তথা অনুৎপাদনমূলক কামত ব্যৱহাৰ কৰা বুলিও অভিযোগ উঠিছে৷

Shahnawaz Hamza