Advertisement

এসাঁজ ভাত খাই হ’ব পাৰে লাখপতি!

এসাঁজ ভাত খাই হ’ব পাৰে লাখপতি!

 

ভাত আপুনি সদায় খায়৷
কোনাবা দিনা আমিষ কোনোবা দিনা নিৰামিষ ৷

আপুনি যদি সাত মিনিটৰ ভিতৰত দুই কিলোগ্ৰামতকৈ অধিক ভাত খাব পাৰে তেন্তে আপোনাৰ বাবে এই ভাল খবৰ ।

হয়, আমি আপোনাক জনাবলৈ লৈছো এক ব্যতিক্ৰমী এক প্ৰতিযোগিতাৰ বিষয়ে।

শিৱসাগৰৰ মগৰাহাটত এইবাৰ আপোনাক এসাঁজ ভাত খোৱাবলৈ চলিছে আৰম্বপূৰ্ণ আয়োজন।

নানা বিধ সুস্বাদু থলুৱা ব্যঞ্জনেৰে সাজু কৰিছে এই বিশেষ ভাত সাঁজ।

 

এই প্ৰতিযোগিতাত প্ৰথম বিজয়ীজনে লাভ কৰিব এক লাখ টকাৰ পুৰস্কাৰ।

হয় আপুনি ঠিকেই শুনিছে। শিৱসাগৰ জিলাৰ মগৰাহাটত মুৰাৰী কৃষ্ণ যুৱক সমাজে আয়োজন কৰিছে ভাত খোৱা প্ৰতিযোগিতা আৰু এই প্ৰতিযোগিতাত আপুনি জয়ী হ’ব পাৰিলে প্ৰথম পুৰস্কাৰ হিচাপে পাব ১ লাখ টকা।

নাজিৰাৰ পৰা ৰঞ্জিত সভাপণ্ডিত ৰিপ’ৰ্ট

Shahnawaz Hamza