Advertisement

চাপৰমুখ আৰক্ষীৰ ড্রাগছ বিৰোধী অভিযানত জব্দ হেৰ’ইন

চাপৰমুখ আৰক্ষীৰ ড্রাগছ বিৰোধী অভিযানত জব্দ হেৰ’ইন

ড্ৰাগছৰ বিৰুদ্ধে নগাঁও আৰক্ষী কঠোৰ স্থিতি গ্ৰহন কৰাৰ মাজতে চাপৰমুখ তিনিআলিত ড্রাগছ বিৰোধী অভিযানত জব্দ হেৰ’ইন । লগতে আটক কৰা হয় দুই
মহিলাক।

ধৃত মহিলা দুগৰাকীৰ পৰা তিনিটা চাবোনৰ বাকচত ভৰ্তি হেৰ’ইন জব্দ কৰা হয় । আটকাধীন মহিলা দুগৰাকী হ’ল নাম আবিদা বেগম আৰু মাৰ্জিনা বেগম ৷

উল্লেখ্য যে, ধৃত মহিলা দুগৰাকী ডিমাপুৰৰ পৰা ৰে’লেৰে চাপৰমুখলৈ আহিছিল ৷ ইয়াৰ পাছতে চাপৰমুখৰ পৰা নগাঁৱলৈ যাবলৈ লওঁতেই বিশেষ খবৰৰ ভিত্তিত চাপৰমুখ আৰক্ষীয়ে আটক কৰে ।

Shahnawaz Hamza

Related