মৰিগাঁৱৰ বাচনাঘাট খান্দাজান নিবাসী শৰণচাৰ্য,পাঠাচাৰ্য ধৰ্মকান্ত নাথৰ বিয়োগত শোক

মৰিগাঁৱৰ বাচনাঘাট খান্দাজান নিবাসী শৰণচাৰ্য,পাঠাচাৰ্য ধৰ্মকান্ত নাথৰ বিয়োগত শোক

মৰিগাঁও,৫ ডিচেম্বৰ ঃঃ মৰিগাঁও চহৰৰ সমীপৱতী বাচনাঘাট খান্দাজান বিলৰমূৰ গাঁৱৰ নিবাসী তথা শৰণচাৰ্য, পাঠাচাৰ্য,সমাজ সৰবৰহী ধৰ্ম কান্ত নাথ(৮৬)ৰ আজি বিয়লি মৃত্যুৰ খবৰে অঞ্চলটোত শোকৰ ছাঁ পেলাই। মৰিগাঁও আঞ্চলিক পাঠাচাৰ্য আৰু চৈতন্য পন্থৰ শৰণাচাৰ্য হিচাপে পৰিচিত নাথ উচ্চ ৰক্তচাপ জনিত ৰোগত আক্ৰান্ত হৈ মৃত্যুক আকোঁৱালি লব লগাত পৰে। যোৱা ৩০ নবেম্বৰৰ পৰা গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ থকা নাথক আজি পুৱা পৰিয়ালে খান্দাজানস্থিত বাস গৃহলৈ আনে যদিও আবেলি প্ৰায় ৫ মান বজাত শেষ নিশ্বাস ত্যাগ কৰে। এজন সচেতন সমাজ সেৱক হিচাপে পৰিচিত নাথ ঔজাৰী মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰতিষ্ঠাপক সদস্য,খান্দাজান বিলৰমূৰ প্ৰাথমিক বিদ্যালয়ৰ ভূমিদাতাৰ উপৰিও ৰসৰাজ যুৱক সংঘ ও পুথিভঁৰালৰ উপদেষ্টাকে ধৰি বহুকেইটা সৰু বৰ অনুষ্ঠান প্ৰতিষ্ঠানৰ সৈতেও জড়িত আছিল। মৃত্যুৰ সময়ত অজস্ৰ গুণমুগ্ধৰ লগতে পত্নী দুই পুত্ৰ এগৰাকী জীয়ৰী তিনিগৰাকী বোৱাৰীসহ ছয়টি নাতি নাতিনীক ইহসংসাৰত এৰি থৈ যায়। উল্লেখ্য যে নাথৰ কণিষ্ঠ পুত্ৰ ভৰত কুমাৰ নাথ মৰিগাঁও জিলা সাংবাদিক সংস্থাৰ এজন সক্ৰিয় সদস্য। নাথৰ মৃত্যুত মৰিগাঁও জিলা সাংবাদিক সংস্থাৰ লগতে নাথ সাহিত্য সংস্কৃতি সন্মিলন,নাথ যুৱ পৰিষদ,খান্দাজান গাঁওৰক্ষী বাহিনীকে আদি কৰি কেইবাটাও অনুষ্ঠান প্ৰতিষ্ঠানে গভীৰ শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰে।

GTM Desk

Related