বৃহস্পতিবাৰে পুৱাই মহানগৰীত ভূমিকম্প..

বৃহস্পতিবাৰে পুৱাই মহানগৰীত ভূমিকম্প..

ৰাষ্ট্ৰীয় ভূমিকম্প বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি বৃহস্পতিবাৰে পুৱা গুৱাহাটীত ৩.৫ ৰিখটাৰ প্ৰাৱল্যৰ এক ভূমিকম্প অনুভূত হয়। এনচিএছৰ পৰা পোৱা তথ্য অনুসৰি বৃহস্পতিবাৰে পুৱা ৫:৪২ বজাত অঞ্চলটোত কম্পন অনুভূত হয়। ভূমিকম্পৰ তীব্ৰতা অতি কম হোৱাৰ বাবে কোনো ক্ষয় ক্ষতি হোৱা নাই।

এনচিএছৰ ৰিপৰ্ট অনুসৰি, এই ভূমিকম্পটোৰ অধিকেন্দ্ৰ গুৱাহাটীৰ উত্তৰ-পূব দিশৰ পৰা ৬৩ কিলোমিটাৰ দূৰত্বত অৱস্থিত। ২৬.৬৩ অক্ষাংশ আৰু ৯২.০৮ দ্ৰাঘিমাংশত অৱস্থিত ৫ কিলোমিটাৰ গভীৰতাত এই কম্পন সংঘটিত হয়। উল্লেখ্য যে, এনে কম প্ৰাবল্যৰ ভূমিকম্প সাধাৰণ মানুহে অনুভৱ নকৰে।

Shahnawaz Hamza

Related