Advertisement

নগাঁৱৰ কন্দলী পথাৰত আঘাত প্ৰাপ্ত হাতীক শীৰ্ষ বন বিষয়াৰ চিকিৎসা

নগাঁৱৰ কন্দলী পথাৰত আঘাত প্ৰাপ্ত হাতীক শীৰ্ষ বন বিষয়াৰ চিকিৎসা

নিউজ ব্যুৰ’,নগাঁও,১৪ডিচেম্বৰ :–নগাঁও জিলাৰ কন্দলী পথাৰত গুৰুতৰ আঘাতৰ সৈতে যুঁজি থকা বন্যহস্তী ক্ৰমান্বয়ে সুস্থ হৈছে। নগাঁও কন্দলীৰ চোৱাং বনাঞ্চলত কোনো দুৰ্বৃত্তই আঘাত কৰাৰ ফলত বিগত এমাহ ধৰি বনাঞ্চল এৰি জনাঞ্চলত প্ৰৱেশ কৰা বন্যহস্তীটো যন্ত্ৰণাত চিৎকাৰ কৰি ফুৰিছিল।স্থানীয় বন বিভাগৰ এটা দলে প্ৰাথমিক চিকিৎসা প্ৰদান কৰিছিল যদিও আঘাত গুৰুত্বৰ হোৱাৰ বাবে হাতীটো ক্ৰমান্বয়ে অসুস্থ হৈ পৰিছিল। হাতীটোৰ চিকিৎসাৰ ক্ষেত্ৰত শীৰ্ষ বন বিভাগৰ হেমাহিৰ বাতৰি সংবাদ মাধ্যমৰ যোগেদি প্ৰচাৰ হোৱাৰ পিছতে শীৰ্ষ বন বিষয়াই তৎক্ষণাত উন্নত চিকিৎসাৰ ব্যৱস্থা গ্ৰহণ কৰে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পশু চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰি স্থানীয় কঠিয়াতলী আঞ্চলিক বন বিভাগে চিকিৎসা আৰম্ভ কৰে। ইপিনে হাতীটো অসুস্থ হোৱা খবৰ সংবাদ মাধ্যমৰ যোগেদি লাভ কৰাত আঘাতপ্ৰাপ্ত হাতীটোৰ কাষত থিয় হয় পদ্মশ্ৰী তথা গুৱাহাটী পশু চিকিৎসা মহাবিদ্যালয়ৰ প্ৰবক্তা ডাঃ কুশল কোঁৱৰ শৰ্মা। পদ্মশ্ৰী ডাঃ শর্মাই বাওঁ ভৰিত আঘাতপ্ৰাপ্ত হাতীটো সম্পূৰ্ণ পৰ্যবেক্ষণ কৰি বন বিভাগক চিকিৎসা পদ্ধতিৰ পৰামৰ্শ আগবঢ়োৱাৰ লগতে বন বিভাগক হাতীটোৰ স্বাস্থ্য প্ৰতি লক্ষ্য ৰাখি সময় মতে ঔষধ আৰু পৰ্যাপ্ত খাদ্য যোগান ধৰিবলৈ আহ্বান জনায় সংবাদ মাধ্যমৰ যোগেদি । ঋতু পৰ্ণ শৰ্মা,নগাঁও

Shahnawaz Hamza

Related