নগাঁৱৰ কামপুৰৰ লেখক-শিল্পী ভাৰত হাজৰিকাৰ পৰলোক

নগাঁৱৰ কামপুৰৰ লেখক-শিল্পী ভাৰত হাজৰিকাৰ পৰলোক

নিউজ ব্যুৰ’,নগাঁও,৩০এপ্ৰিল:–নগাঁও জিলাৰ কামপুৰৰ কপিলীপাৰৰ সৰবৰহী ব্যক্তি তথা লেখক ভাৰত হাজৰিকাৰ দীৰ্ঘদিনীয়া অসুস্থতাৰ অন্তত মঙলবাৰে নিচেই পুৱা কাৱৈমাৰীৰ নিজা বাসগৃহত পৰলোকপ্ৰাপ্তি ঘটে। উল্লেখ্য যে প্ৰয়াত হাজৰিকাই ল’ৰালিৰে পৰা ভাওনাৰ সাজপাৰ অতি নিখুঁতভাৱে নিৰ্মাণ কৰি মধ্য অসমৰ বহু ঠাইত সাজপাৰে যথেষ্ট সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল। সমাজ জীৱনৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত হৈ থকা প্ৰয়াত হাজৰিকাই কেইবাখনো গ্ৰন্থ লিখাৰ লগতে সমাজখনক একতাৰ জৰীৰে বান্ধি ৰখাৰ ক্ষেত্ৰত অৰিহণা যোগাইছিল। প্ৰয়াত হাজৰিকাই কপিলীপাৰৰ ইতিহাস প্ৰসিদ্ধ শ্ৰীশ্ৰী বিষ্ণুপুৰী থান উন্নয়ন সমিতিৰ সদস্য তথা উপদেষ্টা হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। সৰবৰহী ব্যক্তিগৰাকীৰ বিয়োগৰ খবৰ বিয়পি পৰাৰ লগে লগে যথেষ্ট গুণমুগ্ধ তেওঁৰ বাসগৃহত উপস্থিত হৈ নশ্বৰদেহত শেষ শ্ৰদ্ধা নিবেদন কৰে। ভাৰত হাজৰিকাৰ বিয়োগত কাৱৈমাৰী গাওঁ উন্নয়ন সমিতি,বিষ্ণুপুৰী থান উন্নয়ন সমিতি,গাৰোখুন্দা বুঢ়া ডাঙৰীয়া বৰনামঘৰ বিহু উদযাপন সমিতি, গাৰোখুন্দা জাতীয় বিদ্যালয়ে গভীৰ শোক প্ৰকাশ কৰিছে। ৮৩বছৰীয়া প্ৰয়াত হাজৰিকাই মৃত্যুৰ সময়ত পত্নীৰ উপৰি দুজন পুত্ৰ,বোৱাৰী,নাতিসহ যথেষ্ট আত্মীয় স্বজন ইহ সংসাৰত এৰি থৈ গৈছে । ঋতু পৰ্ণ শৰ্মা,নগাঁও

GTM Desk

Related