৬ ছেপ্টেম্বৰৰ পৰা খুলিব শিক্ষানুষ্ঠান; স্নাতকোত্তৰ–স্নাতক মাধ্যমিক চূড়ান্ত বর্ষ

0 min read

ক’ভিডসৃষ্ট জটিল পৰিস্থিতিত দীর্ঘদিন ধৰি বন্ধ হৈ থকা ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহ খোলাৰ পদক্ষেপ গ্রহণ কৰিছে ৰাজ্য চৰকাৰে৷ আজিৰে পৰা কার্যকৰী হোৱাকৈ জাৰি কৰা এছ অ’ পিযোগে স্নাতকোত্তৰ বা সমপর্যায়ৰ পাঠ্যক্রম, স্নাতক বা সমপর্যায়ৰ পাঠ্যক্রম আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত বর্ষৰ ক্ষেত্রত শ্রেণীকোঠাত পাঠদানপর্ব মুকলিত অনুমতি প্রদান কৰা হৈছে৷ একেদৰে নার্ছিং পাঠ্যক্রম আৰু কাৰিকৰী প্রতিষ্ঠানসমূহতো আৰম্ভ হ’ব পাঠদান৷

এই সন্দর্ভত স্বাস্থ্যমন্ত্রী মহন্তই কয় যে আজিৰে পৰা প্রথম তিনি দিনত এই শিক্ষানুষ্ঠানসমূহৰ অধ্যাপক–শিক্ষক, কর্মচাৰী আৰু ১৮ বছৰ ঊর্ধ্বৰ ছাত্র–ছাত্রীসকলে ক’ভিড প্রতিষেধক গ্রহণ কৰাটো শিক্ষানুষ্ঠান কর্তৃপক্ষই সুনিশ্চিত কৰাৰ উপৰি শিক্ষানুষ্ঠান চৌহদ তথা শ্রেণীকোঠা পৰিষ্কাৰ–পৰিচ্ছন্ন লগতে বীজাণু নাশনৰ ব্যৱস্থা কৰিব লাগিব৷ এনে প্রস্তুতিৰ বাবে মুৰব্বী, অধ্যাপক–শিক্ষক আৰু কর্মচাৰীসকল কাইলৈৰ পৰাই শিক্ষানুষ্ঠানলৈ যাব লাগিব যদিও শ্রেণীকোঠাত পাঠদান প্রক্রিয়া অহা ৬ ছেপ্টেম্বৰৰ পৰাহে পূর্ণোদ্যমে চলিব৷ স্নাতকোত্তৰ বা সমপর্যায়ৰ পাঠ্যক্রম, স্নাতক বা সমপর্যায়ৰ পাঠ্যক্রম আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বর্ষৰ পাঠ গ্রহণৰ বাবে ছাত্র–ছাত্রীসকলে কমেও এপালি ক’ভিড প্রতিষেধক গ্রহণ কৰাটো বাধ্যতামূলক বুলি তেওঁ স্পষ্ট কৰি দিয়ে৷ স্বাস্থ্যমন্ত্রী মহন্তই পুনৰ কয় যে উচ্চতৰ মাধ্যমিক চূড়ান্ত বর্ষৰ ক্ষেত্রত ১৮ বছৰ অনূর্ধ্বৰ ছাত্র–ছাত্রীসকলে ক’ভিড প্রতিষেধক অবিহনে শ্রেণীকোঠাত পাঠ গ্রহণ কৰিব পাৰিব৷

কিন্তু ইতিমধ্যে ১৮ বছৰ হোৱা উচ্চতৰ মাধ্যমিক চূড়ান্ত বর্ষৰ শিক্ষার্থীসকলে কমেও এপালি প্রতিষেধক ল’লেহে আহিব পাৰিব শ্রেণীকোঠালৈ৷ এপালিও প্রতিষেধক নোলোৱা শিক্ষক–কর্মচাৰী–শি অহা তিনি দিনৰ ভিতৰত প্রতিষেধক দিয়াৰ ব্যৱস্থা কৰাৰ পাছতহে শিক্ষানুষ্ঠানৰ মুৰব্বীয়ে এইক্ষেত্রত অনুমতি দিব পাৰিব বুলি তেওঁ মন্তব্য কৰে৷ সেইদৰে একোটা শ্রেণীকোঠাত সর্বাধিক ৩০গৰাকী ছাত্র–ছাত্রীয়েহে একেলগে পাঠগ্রহণ কৰাৰ অনুমতি দিয়াৰ কথা উল্লেখ কৰি তেওঁ কয় যে এইক্ষেত্রত শিক্ষানুষ্ঠানৰ মুৰব্বীয়ে শিক্ষার্থীৰ সংখ্যা অনুসৰি প্রয়োজন হোৱাকৈ অতিৰিক্ত শ্রেণীকক্ষৰ ব্যৱস্থা কৰিব৷ এছ অ’ পিত উল্লিখিত শ্রেণীসমূহৰ ছাত্র–ছাত্রীৰ বাবে হোষ্টেল মুকলি কৰাৰ অনুমতি দিয়া হৈছে৷ কিন্তু এইক্ষেত্রতো আৰোপ কৰা হৈছে চর্ত৷ স্বাস্থ্যমন্ত্রী মহন্তই কয় যে হোষ্টেলত থকা ছাত্র–ছাত্রীৰ লগতে অন্যান্যসকলৰ ক্ষেত্রতো প্রতিষেধকৰ দুয়োটা পালি লোৱাটো বাধ্যতামূলক৷ প্রতিষেধকৰ দুয়োটা পালি অবিহনে হোষ্টেলত কাকোৱেই অনুমতি দিয়া নহয়৷ কেৱল দুয়োপালি প্রতিষেধক লোৱাসকলেহে হোষ্টেলত থাকিব পাৰিব৷ ইফালে ব্যক্তিগত খণ্ডৰ ক’চিং চেণ্টাৰ আদি মুকলি কৰা সন্দর্ভত সাংবাদিকে সোধা এক প্রশ্ণৰ উত্তৰত স্বাস্থ্যমন্ত্রী মহন্তই কয়– আমি তেনেধৰণৰ প্রতিষ্ঠানসমূহো মুকলি কৰিম৷ কিন্তু প্রশাসনৰ অনুমতি সাপেক্ষে কাম কৰিব লাগিব৷

You May Also Like

More From Author