বাংগালোৰত হত্যা অসমৰ মেধাবী ছাত্ৰী, মূল অভিযুক্ত আনিচুৰ ৰহমানক গ্ৰেপ্তাৰ

1 min read

গুৱাহাটীঃ:  বাংগালোৰত বি এচ চি নাৰ্চিং পঢ়িব যোৱা অসমৰ এগৰাকী মেধাবী ছাত্ৰীৰ হত্যাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে  ৷ বৰপেটা জিলাৰ  হাউলীৰ নগৰঝাৰৰ জেচমিনাৰা আখতাৰ নামৰ ছাত্ৰী গৰাকী  গৰাকীয়ে বাংগালোৰৰ এখন শিক্ষানুষ্ঠানত বি এচ চি নাৰ্চিংৰ বাবে নামভৰ্তি কৰিছিল ৷ নামভৰ্তি কৰাৰ পিছত পৰিয়ালৰ লোকে চাৰিদিন পূৰ্বে জেচমিনাৰা আখতাৰক শিক্ষানুষ্ঠানখনত থৈ আহে যদিও কালি দিনৰ ভাগত  ৰহস্যজনক ভাবে মৃতদেহ উদ্ধাৰ হয় ছাত্ৰী গৰাকীৰ ৷ যুৱতী জেছমিনা আখটাৰক অসমৰে গোৱালপাৰাৰ লক্ষীপুৰৰ পাষণ্ড আনিছুৰ ৰহমান আৰু দুজন তেওঁৰ সতীৰ্থই ধৰ্ষণ কৰি হত্যা কৰিছিল বুলি অভিযোগ উত্থাপিত হৈছে।

বাংগালুৰুত হত্যা  অসমৰ মেধাবী ছাত্ৰীক ৷ বাংগালুৰুত বি এচ চি নাৰ্ছিং পঢ়িব যোৱা জেচমিনআৰা আখতাৰ নামৰ এই গৰাকী মেধাবী ছাত্ৰী হত্যাৰ বলি হল বাংগালুৰুত ৷ যোৱা ১৪ ডিচেম্বৰত পৰিয়ালৰলোকে বাংগালুৰুৰ এখন নাৰ্ছিং কলেজত নাম ভৰ্তি কৰি থৈ আহিছিল জেছমিনআৰাক ৷ কিন্তু বুধবাৰে দিনৰ ভাগত ৰহস্যজনক ভাৱে উদ্ধাৰ হয় ছাত্ৰী গৰাকীৰ মৃতদেহ   ৷  বাংগালুৰুতে অধ্যয়নৰত গোৱালপাৰাৰ লক্ষীপুৰৰ  আনিছুৰ ৰহমান আৰু দুজন তেওঁৰ সতীৰ্থই জেছমিন আৰাক ধৰ্ষণ কৰি হত্যা কৰা বুলি অভিযোগ উত্থাপিত হৈছে।  উক্ত কাণ্ডৰ মূল অভিযুক্ত এই গৰাকী আনিছুৰ ৰহমানক ইতিমধ্যে বাংগালুৰু আৰক্ষীয়ে ততাতৈয়াকৈ আটক কৰিবলৈ সক্ষম হৈছে । আনহাতে, এই হত্যাকাণ্ডৰ লগত জড়িত সকল যাতে কোনোপধ্যে সাৰি নাযায় আৰু তেওঁলোকক উপযুক্ত শাস্তি প্ৰদান কৰা হয় তাৰবাবে পৰিয়ালৰ লোকসকলৰ লগতে ৰাইজে দাবী তুলিছে ৷

Source: NewsLiveTV

You May Also Like

More From Author