কিয় প্ৰতিটো দৃশ্যৰ আগত ভদকাৰ শ্বট লয়? মৌনতা ভাঙি উত্তৰ দিলে মনোজ বাজপেয়ীয়ে…

কিয় প্ৰতিটো দৃশ্যৰ আগত ভদকাৰ শ্বট লয়? মৌনতা ভাঙি উত্তৰ দিলে মনোজ বাজপেয়ীয়ে…

বলীউডৰ অন্যতম প্ৰতিভাৱান অভিনেতা মনোজ বাজপেয়ী। তেওঁৰ অভিনয় দক্ষতাক লৈ অনুৰাগীসকল পাগল। সম্প্ৰতি মনোজ বাজপেয়ীয়ে সদ্য মুক্তি পোৱা ছবি ‘চিৰ্ফ এক বন্দা কাফি হ্য়য়’ৰ বাবে প্ৰশংসা লাভ কৰিছে। ইফালে শেহতীয়া এক সাক্ষাৎকাৰত মনোজ বাজপেয়ীয়ে বহু কথা প্ৰকাশ কৰিছে। মনোজ বাজপেয়ীয়ে প্ৰতিটো দৃশ্যৰ শ্বুটিঙৰ পূৰ্বে ভদকাৰ শ্বট লোৱা বুলি চৰ্চা চলিছে। যাৰ ওপৰত অভিনেতাজনে মুকলিকৈ মন্তব্য কৰিলে আৰু ক’লে যে যেতিয়া এগৰাকী ছোৱালীয়ে তেওঁক এই বিষয়ে প্ৰশ্ন কৰিছিল, তেতিয়া তেওঁ কি উত্তৰ দিছিল।

Unfiltered By Samdish ইউটিউব চেনেলত হোৱা কথা-বতৰাৰ সময়ত মনোজ বাজপেয়ীয়ে তেওঁক আগুৰি থকা উৰাবাতৰিৰ বিষয়ে মুকলিকৈ কয়, “এবাৰ মই এখন ছবিৰ শ্বুটিং কৰি থাকোঁতে এগৰাকী যুৱতীয়ে মোক সুধিছিল, ‘ছাৰ, সেইটো কি? আপুনি মদ খাই নেকি?’ মই তেওঁক ক’লোঁ, ‘য়াৰ দাৱাই হায় য়েহ’ তাৰ পিছত তেওঁ মোক ক’লে, ‘আমাৰ অভিনেতা গেঙত এটা উৰাবাতৰি আছে যে আপুনি যিকোনো দৃশ্য কৰাৰ আগতে ভদকাৰ শ্বট লয়’। মই ক’লোঁ, ‘হে মূৰ্খসকল, মই কৰা কঠোৰ পৰিশ্ৰম তোমালোকে দেখা নাপাবা! তোমালোকে হোমিঅ’পেথীৰ ঔষধক ভদকা বুলি কিয় ধৰি লৈছা, সেইটোৱেই অভিনয়ৰ ৰহস্য, কেনেকৈ হ’ব পাৰে।

Shahnawaz Hamza