২০২৪ত সকলো অভিলেখ ভংগ কৰি শাসনলৈ ওভতিব বিজেপি!

২০২৪ত সকলো অভিলেখ ভংগ কৰি শাসনলৈ ওভতিব বিজেপি!
“বিগত সকলো অভিলেখ ভংগ কৰি ২০২৪ চনত পুনৰ শাসনলৈ উভতি আহিব বিজেপি।” প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লোকসভাত ভাষণৰ আৰম্ভণিতে বিৰোধীৰ অনাস্থা প্ৰস্তাৱৰ প্ৰত্যুত্তৰ দি এনে দাবী কৰে। ২০১৮ চনত বিৰোধীয়ে অনা অনাস্থা প্ৰস্তাৱৰ উদাহৰণ দি তেওঁ দাবী কৰে যে বিৰোধীৰ অনাস্থা প্ৰস্তাৱটো আচলতে বিজেপি আৰু NDA ৰ বাবে ভাল।
বিৰোধীক উদ্দেশ্য কৰি প্ৰধানমন্ত্ৰীয়ে কয়, “ভগৱানৰ আশীৰ্বাদত বিৰোধী শিবিৰে অনাস্থা প্ৰস্তাৱ আনিছে। ২০১৮ চনতো একেই কথা কৈছিল, আচলতে অনাস্থা প্ৰস্তাৱ বিৰোধীৰ বাবে পৰীক্ষা হৈ পৰে। ২০১৮ চনৰ শেষৰ ফালে দেখা গ’ল যে বিৰোধীয়ে তেওঁলোকৰ হাতত সকলো ভোট নাপালে। জনতাই ২০১৯ চনত বিৰোধীৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱো গৃহীত কৰিছিল। বিজেপি, এন ডি এয়ে পূৰ্বতকৈ অধিক আসন লাভ কৰিছিল অৰ্থাৎ বিৰোধীৰ প্ৰতি অনাস্থা আমাৰ বাবে ভাল NDA আৰু বিজেপিয়ে সকলো পুৰণি অভিলেখ ভংগ কৰি ২০২৪ চনত ৰাইজৰ আশীৰ্বাদ লৈ পুনৰ শাসনলৈ ওভতি অহা দেখা পাব।”

GTM Desk