অহা ১৭ ছেপ্টেম্বৰত ৭২ বছৰ সম্পূৰ্ণ কৰি ৭৩ বছৰত ভৰি দিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

অহা ১৭ ছেপ্টেম্বৰত ৭২ বছৰ সম্পূৰ্ণ কৰি ৭৩ বছৰত ভৰি দিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৭৩ সংখ্যক জন্মদিন উপলক্ষে সমগ্ৰ দেশতে ভাৰতীয় জনতা পাৰ্টিয়ে আয়োজন কৰিব ‘সেৱা পখোৱাৰা’ অৰ্থাৎ সেৱা পষেক।

১৭ ছেপ্টেম্বৰৰ প্ৰধানমন্ত্ৰীৰ জন্মদিনৰ পৰা ২ অক্টোবৰত গান্ধী জয়ন্তী পৰ্যন্ত ‘সেৱা হী সংগঠন’ কাৰ্যসূচীৰ অংশ হিচাপে বিজেপিয়ে ১৬ দিনীয়া ‘সেৱা হী সংগঠন’ কাৰ্যসূচী হাতত লৈছে বুলি বিজেপিৰ এক গুৰুত্বপূৰ্ণ সূত্ৰই ANI ক জনায় । প্ৰধানমন্ত্ৰীৰ জন্মদিনৰ প্ৰস্তুতি সন্দৰ্ভত বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তৰুণ চুঘ, বিনোদ তাওডে, সুনীল বংশাল, সঞ্জয় বন্দী আৰু কৈলাশ বিজয়বৰ্গীয়াই অংশগ্ৰহণ কৰা এখন বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয় বুলি সূত্ৰটোৱে জানিবলৈ দিয়ে।

ইয়াৰ উপৰিও সভাত “মেৰী মিট্টি মেৰা দেশ” আৰু দলৰ ভৱিষ্যতৰ অন্যান্য কাৰ্যসূচীৰ ওপৰতো আলোচনা কৰা হয় বুলি জানিবলৈ পৰা গৈছে । যোৱা বছৰো দলটোৱে ১৭ ছেপ্টেম্বৰ অৰ্থাৎ প্ৰধানমন্ত্ৰীৰ জন্মদিনৰ পৰা ২ অক্টোবৰত জাতিৰ পিতা মহাত্মা গান্ধীৰ জন্ম জয়ন্তীলৈকে ‘সেৱা পখোৱাৰা’ তথা সেৱা পষেকৰ আয়োজন কৰিছিল৷ লগতে জিলা পৰ্যায়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ওপৰত প্ৰদৰ্শনীৰ অনুষ্ঠনো আয়োজন কৰিছিল।

GTM Desk