পূজাৰ পিছতেই বিজেপিৰ “ন-বোৱাৰী” সন্মিলন

পূজাৰ পিছতেই বিজেপিৰ “ন-বোৱাৰী” সন্মিলন

আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে ৰণকৌশল প্ৰস্তুত কৰি একপ্ৰকাৰ সাজু হৈছে বিজেপিৰ মহিলা মৰ্চা। মহিলাসকলক টাৰ্গেট কৰি এইবাৰ নতুন পৰিকল্পনা বিজেপিৰ মহিলা মৰ্চাৰ। টাৰ্গেট হ’ব ন-ভোটাৰ। ঘৰে ঘৰে যাব বিজেপিৰ মহিলা মৰ্চা। টাৰ্গেট হ’ব মহিলা ভোটাৰ। পিছে কেৱল ন-বোৱাৰীহে টাৰ্গেট নেকি বিজেপিৰ মহিলা মৰ্চাৰ (Assam BJP Mahila Morcha)? কি হ’ব ন-বোৱাৰী সন্মিলনত?

এই প্ৰসংগত বিজেপিৰ মহিলা মৰ্চাৰ ৰাজ্যিক সভানেত্ৰী আঙুৰলতা ডেকা (Angurlata Deka)ৰ মন্তব্য- “আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে গ্ৰহণ কৰা হৈছে নতুন পৰিকল্পনা। মহিলাসকলক টাৰ্গেট কৰি ঘৰে ঘৰে যোৱা হ’ব। ন-বোৱাৰী মানে কেৱল নতুনকৈ বিবাহিত হোৱাসকল নহয়। কেৱল নামটো আৰ্কষণীয় কৰিবলৈ ন-বোৱাৰী দিয়া হৈছে। যিহেতু ৰাষ্ট্ৰীয় পৰ্যায়ত যুৱতী সন্মিলন অনুষ্ঠিত হ’ব, অসমত সেই একেই ধাৰণা ৰাখি নামটো কেৱল সলনি কৰি ন-বোৱাৰী কৰা হৈছে। যুৱতী, মহিলা, নৱবিবাহিত সকলোকে সামৰি লোৱা হ’ব।”

পূজাৰ পিছৰ পৰাই সমগ্ৰ ৰাজ্যতে আৰম্ভ হ’ব ন-বোৱাৰী সন্মিলন। ঘৰে ঘৰে যাব বিজেপিৰ মহিলা মৰ্চা। সমষ্টিয়ে সমষ্টিয়ে অনুষ্ঠিত হ’ব সন্মিলন। বিশেষকৈ এখন ঘৰৰ দায়িত্ব পালন কৰাৰ সমান্তৰালকৈ সামাজিক দায়িত্বও যে পালন কৰিব লাগে এইক্ষেত্ৰত সজাগ কৰা হ’ব মহিলাসকলক। ছেপ্টেম্বৰৰ পৰাই আৰম্ভ হ’ব প্ৰাৰম্ভিক প্ৰক্ৰিয়া। ছ’চিয়েল মিডিয়াযোগে আৰম্ভ হ’ব বিভিন্ন প্ৰতিযোগিতা।

মুঠতে লোকসভা নিৰ্বাচন (Lokasabha Election)ক কেন্দ্ৰ কৰি যুৱতী, মহিলা, ন-বোৱাৰী সকলোকে আকৰ্ষিত কৰিবলৈ ৰূপৰেখা তৈয়াৰ কৰিছে বিজেপিৰ মহিলা মৰ্চাই। আনহাতে উত্তৰ–পূবত প্ৰথমবাৰৰ বাবে গুৱাহাটীৰ বিজেপিৰ মুখ্য কাৰ্যালয়ত দুদিনীয়াকৈ অনুষ্ঠিত বিজেপিৰ মহিলা মৰ্চাৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহকত। আগন্তুক লোকসভা নিৰ্বাচনৰ ৰূপৰেখা তৈয়াৰ কৰিছে মহিলা মৰ্চাই।

কি ৰণনীতি হ’ব মহিলা শক্তিৰ সেয়া তৈয়াৰ কৰা হৈছে বাজপেয়ী ভৱনৰ পৰাই। বিশেষকৈ ২৪ৰ লোকসভা নিৰ্বাচন আৰু ৫খন ৰাজ্যত হ’ব লগা বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি ৰূপৰেখা প্ৰস্তুত কৰা হৈছে। এই সন্মিলনত অংশগ্ৰহণ কৰে দেশৰ ২০০তকৈ অধিক বিজেপিৰ মহিলা প্ৰতিনিধিয়ে।

 

GTM Desk