হামাছক উৎখাত কৰিবলৈ অভিযানত নামিল মডেল তথা আৰমী ‘Queen Of Guns’

হামাছক উৎখাত কৰিবলৈ অভিযানত নামিল মডেল তথা আৰমী ‘Queen Of Guns’

ইজৰাইলৰ মহিলাসকলৰ বন্দুকৰ অধিকাৰক লৈ দীর্ঘদিন ধৰি যুঁজ কৰি আহিছে জনপ্রিয় মডেল ওৰিন জুলীয়ে৷ এইবাৰ ইজৰাইল–হামাছৰ ৰক্তক্ষয়ী সংঘাতৰ লগে লগে শত্রুপক্ষক বিনাশ কৰিবলৈ সাজু হ’ল মডেলগৰাকী৷ ওৰিন ‘ইজৰাইল ডিফেন্স ফ’র্চেছ’ (আইডিএফ)ৰ এগৰাকী সেনা বিষয়া হিচাপে দীর্ঘদিন কর্তব্যত নিয়োজিত হৈ আছে৷ কিন্তু তাৰ পূর্বে কেইবাবছৰ ধৰি ফেশ্বন মডেল হিচাপেও কাম কৰিছিল ওৰিনে৷ এগৰাকী মডেল হিচাপে ইজৰাইলত জনপ্রিয়তা লাভ কৰিবলৈ সক্ষম হোৱা ওৰিনে আই ডি এফ বাহিনীক বিভিন্ন অত্যাধুনিক অস্ত্রৰ সৈতে স্বল্পবসনা ছবি উঠি সংবাদ শিৰোনাম দখল কৰে৷ কম সময়ৰ ভিতৰতে আন্তর্জাতিক সংবাদ মাধ্যমত ‘বন্দুকৰ ৰাণী’ হিচাপে খ্যাতি লাভ কৰিবলৈ সক্ষম হয় ওৰিন জুলী৷ ছ’চিয়েল মিডিয়াত ওৰিনৰ অনুৰাগীৰ সংখ্যা ৫ লাখৰো অধিক৷ ইনষ্টাগ্রামত ওৰিনৰ অনুৰাগীয়ে কেইবাটাও ফেনপেজ চলাই আছে৷ হামাছৰ শেহতীয়া নৰমেধৰ পিছত ওৰিনে সংকল্প লৈছে কুখ্যাত পেলেষ্টাইনী সন্ত্রাসবাদী সংগঠনটোক সম্পূর্ণৰূপে ধ্বংস কৰাৰ৷ বিভিন্ন সময়ত ইজৰাইলী সেনাৰ সন্ত্রাসবাদ প্রতিৰোধী অভিযানত অংশগ্রহণ কৰিছে ওৰিনে৷ গতিকে এইবাৰ ইজৰাইলৰ নাৰী অধিকাৰ কর্মী ওৰিনে পুনৰ বন্দুক হাতত লৈ হামাছবিৰোধী অভিযানত নামিছে৷ ইতিমধ্যে আন্তর্জাতিক সংবাদ মাধ্যমত ওৰিনৰ সাহসিকতাক লৈ ব্যাপক চর্চা চলিছে৷

GTM Desk

Related